NORTHEAST NOW (Assamese)
অসম

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত শংকিত চিকিৎসকে ইস্তফা দিলে চাহ বাগিচাৰ চাকৰি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 3, 2019 5:37 pm
Ajoy Kotoky segignation letter

৩১ আগষ্টত এমালগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ টীয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তক একাংশ শ্ৰমিকে মৰিয়াই নিৰ্মমভাৱে হত্যা কৰাৰ পাছত জীৱনৰ নিৰাপত্তাহীনতাৰ কথা উল্লেখ কৰি মঙলবাৰে নুমলীগড় চাহ বাগিচাৰ চিকিৎসক ডাঃ অজয় কটকীয়ে পদত্যাগ কৰে।

নুমলীগড় চাহ বাগিচাৰ মেনেজাৰলৈ লিখা পদত্যাগ পত্ৰখনত ডাঃ অজয় কটকীয়ে অসমৰ চাহ বাগিচাসমূহত চিকিৎসকৰ নিৰাপত্তাহীনতাৰ কথা উল্লেখ কৰি তেওঁ ব্যক্তিগতভাৱেও নিৰাপত্তাহীনতাত ভোগা বুলি কাৰণ দৰ্শাই চাহ বাগিচাখনৰ চিকিৎসক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ৩১ আগষ্টত টীয়ক চাহ বাগিচাত কৰ্মৰত ডাঃ দেবেন দত্ত কৰ্তব্যত উপস্থিত নথকা বাবে এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ তুলি চিকিৎসকগৰাকীক আক্ৰমণ কৰিছিল বাগিচাৰ একাংশ উত্তেজিত শ্ৰমিকে।

আনহাতে, চিকিৎসকগৰাকীৰ হত্যাৰ প্ৰতিবাদত ৰাজ্যৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি শ্ৰেণী বৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰে।