NORTHEAST NOW (Assamese)
অসম

১০ দিনৰ পাছতো সন্ধান নাই মৰনৈৰ পৰা নিৰুদ্দেশ হোৱা গিৰিধৰ শৰ্মাৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা September 4, 2019 9:53 am
FB_IMG_1567271763671

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত কোদালধোৱা গাঁৱৰ গিৰিধৰ শৰ্মা নামৰ লোকজন সন্ধানহীন হোৱাৰ দহ দিন পিছতো আজিলৈ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷

কোদালধোৱা গাঁৱৰ অতি সাধাৰণ পৰিয়ালৰ সদস্য গিৰিধৰ শৰ্মাই যোৱা ২৬ আগষ্টত ঔষধ আনিবলৈ গোৱালপাৰা চহৰলৈ ওলাই গৈছিল। আৰু ব্যক্তি গৰাকী তেতিয়াৰ পৰাই সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

নিৰুদ্দিষ্ট লোকজনৰ পৰিয়ালে আত্মীয়-কুটুমৰ লগতে বিভিন্ন ঠাইত খবৰ লৈছে যদিও লোকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মৰনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ কথা জনায়।

ইফালে গিৰিধৰ শৰ্মাৰ কোনো খবৰ পালে ওচৰৰ থানাত অথবা ৯৬৭৮৭৮৫৮১৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷