ৰাজ্য চৰকাৰে পুনৰ আৰোপ কৰিলে ভেট; ২.৫০ টকাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

অসম চৰকাৰে লোকসভা নিৰ্বাচনৰ আগে আগে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত ভেট উঠাই লোৱাৰ পাছত পুনৰ ভেট আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ২.৫০ টকা আৰু ২.৩০ টকাকৈ বৃদ্ধি পায়।
উল্লেখযোগ্য যে, ২০১৯ লোকসভা নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল আৰু ডিজেলৰ বৰ্দ্ধিত মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰ আৰু অসমৰ ৰাজ্য চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত ২.৫০ টকা ভেট উঠাই লৈছিল যাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৫ টকাকৈ হ্ৰাস পাইছিল।
আন্তৰ্জাতিক খাৰুৱা তেলৰ বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট আৰোপ কৰাৰ সিদ্ধান্ত লয়।
অতিৰিক্ত ৰাজহ সংগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।
ৰাজ্য চৰকাৰে ভেট আৰোপ কৰাৰ পাছত বৰ্ধিত মূল্য অনুসৰি বৰ্তমান গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’ল মূল্য ৭৪.১১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.২১ টকা।