NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এন আৰ চি সম্পৰ্কে তৰুণ গগৈ ||সম্পূৰ্ণ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 6:11 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

তৰুণ গগৈয়ে অসমৰ সদ্যপ্ৰকাশিত এন আৰ চি সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

পঞ্জীখনে অসমৰ সকলো শ্ৰেণীৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সমগ্ৰ বিষয়টো পুনৰ মূল্যায়নেৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ হস্তক্ষেপ বিচাৰিছে।

ভাৰতীয় সংবিধানে প্ৰদান কৰা মৰ্য্যাদা, জীৱন আৰু মুক্তিৰ অধিকাৰৰ পৰা কোনো প্ৰকৃত ভাৰতীয় নাগৰিকেই যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ গগৈয়ে মুখ্য ন্যায়াধীশক আৱেদন জনাইছে।

৫ ছেপ্তেম্বৰত প্ৰেৰণ কৰা পত্ৰখনত তৰুণ গগৈয়ে মূলতঃ চাৰিটা বিষয় মুখ্য ন্যায়াধীশ গগৈৰ দৃষ্টিগোচৰ কৰিছে।

 

১. ভাৰত চৰকাৰৰ স্থিতিৰ সৈতে অসম চৰকাৰ, ৰাজ্যিক বিজেপিৰ স্থিতিৰ বৈপৰীত্য—

“আটাইতকৈ আচৰিত কথাটো হৈছে, চূড়ান্ত তালিকাখন নাকচ কৰি আৰু ইয়াৰ ত্ৰুটিসমূহ উদঙাই বিত্ত, স্বাস্থ্য আদি দপ্তৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে শাসক দলৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰা ৰাজ্য চৰকাৰৰ স্থিতি ভাৰত চৰকাৰৰ স্থিতিৰ বিপৰীত। তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ, বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শ্ৰী ৰাবিশ কুমাৰে বিবৃতি দিছে যে এন আৰ চি উন্নীতকৰণ সন্মানীয় উচ্চতম ন্যায়ালয় নিৰ্দেশিত বিধিসন্মত, স্বচ্ছ আৰু আইনী প্ৰক্ৰিয়া আৰু ন্যায়ালয়-পৰিদৰ্শিত অনুশীলন।”

Gogoi'sLetter_1
ভাৰতৰ মুখ্য ন্যায়াধীশলৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দিয়া পত্ৰখনৰ একাংশ ।

২. অসম চৰকাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ক দোষ দিব খুজিছে—

“মোৰ যদি ভুল হোৱা নাই, ৰাজ্য চৰকাৰেও উচ্চতম ন্যায়ালয়ক দোষাৰোপ কৰাৰ চেষ্টা কৰিছে, যিহেতু তেওঁলোকে অভিযোগ উত্থাপন কৰি আছে যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ ফলত তেওঁলোকৰ নিজৰ সীমাবদ্ধতা আছিল যিসময়ত উচ্চতম ন্যায়ালয় ৰূপায়ণকাৰী কৰ্তৃপক্ষ নাছিল, কিন্তু সঁচাটো হৈছে যে এন আৰ চিৰ ৰূপায়ণকাৰী কৰ্তৃপক্ষ আছিল ভাৰত চৰকাৰ। মোৰ দৃষ্টিত ই আন একো নহয়, বৰঞ্চ সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ বিফলতা।”

 

৩. দায়িত্ব পালনত প্ৰতীক হাজেলাৰ অদক্ষতা—

“মই আজি পতিয়ন গৈছো যে ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলা, আই এ এছ, নেতৃত্বাধীন এন আৰ চি কৰ্তৃপক্ষই তেওঁৰ কৰ্তব্য আৰু দায়িত্ব দক্ষতাৰে আৰু কাৰ্য্যকৰীভাৱে আপোনাৰ নিৰ্দেশমতে সম্পাদন কৰা নাই যদিও ৫০,০০০ চৰকাৰী বিষয়া-কৰ্মচাৰী জৰিত কৰা হৈছিল আৰু ৰাজ্যখনৰ বিকাশমূলক কাম-কাজৰ মূল্যৰ বিনিময়ত সময় আৰু শক্তিকো ধৰি প্ৰায় ১২০০ কোটি টকা ব্যয় কৰা হৈছিল। চূড়ান্ত এন আৰ চিখনক ৰাজ্যখনৰ প্ৰায় সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন, বুদ্ধিজীৱী আৰু বিভিন্ন যুৱ সংগঠনে নাকচ কৰিছে।”

 

৪. বাদ পৰা ভাৰতীয় নাগৰিকৰ অধিকাৰ আৰু হাৰাশাস্তি—

“এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সেই লাখ লাখ মানুহৰ ভাগ্যক লৈ যিসকল এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে আৰু তেওঁলোকক বিদেশী ন্যায়াধিকৰণলৈ যাবলৈ কোৱা হৈছে নাগৰিকত্ব প্ৰমাণৰ বাবে আৰু (…সংযোজন: নিমিলা বাক্য/ আচল ইংৰাজী পাঠক অগ্ৰাধিকাৰ দিয়ক) আদালতলৈ টানি অনাৰ ফলত তেওঁলোকৰ কোনো ভুল নোহোৱাকৈ এন আৰ চি ৰূপায়ণকাৰী কৰ্তৃপক্ষৰ অনুভূতিহীনতা আৰু অদক্ষতাৰ বাবে সকলো ধৰণৰ অসুবিধা আৰু দুৰ্ভোগৰ মাজেদি যাব লাগিব।”

“এইটোও আমোদজনক যে ভাৰত চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে যে বাদ পৰাসকল বিদেশী বা সন্দেহজনক বিদেশী নহয়। তেওঁলোক যিহেতু ভাৰতীয় নাগৰিক আৰু এতিয়ালৈকে বিদেশী বুলি তেওঁলোকক ঘোষণা কৰা হোৱা নাই, তেন্তে তেওঁলোক বিদেশী ন্যায়াধিকৰণলৈ যোৱা উচিতনে— ই এটা ডাঙৰ প্ৰশ্ন।”

Gogoi'sLetter_2
ভাৰতৰ মুখ্য ন্যায়াধীশলৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দিয়া পত্ৰখনৰ একাংশ ।

“…২০১৯ৰ ভোটাৰ তালিকা–যাৰ ভিত্তিত অসমকে ধৰি সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল—প্ৰস্তুত কৰা হৈছিল ১৯৬৬ চনৰ ভোটাৰ তালিকা সংযোগকৰণেৰে য’ত তেওঁলোকক ভাৰতীয় নাগৰিকৰূপে অন্তৰ্ভুক্ত কৰা হৈছিল। যিহেতু এই তালিকা যুগুত কৰে ভাৰতৰ নিৰ্বাচন আয়োগে যি এক সাংবিধানিক সংস্থা, গতিকে এই লোকসকলক এন আৰ চিৰ পৰা কিদৰে বাদ দিব পাৰে?”