NORTHEAST NOW (Assamese)
অসম

লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন ইছোৰৰ; প্ৰধান মন্ত্ৰীয়ে ক’লে হতাশ নহ’ব, সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ সৈতে আছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2019 7:49 am
Vikramjpg

চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণেৰে অভিলেখ গঢ়াৰ পথত অগ্ৰসৰ হোৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ দূৰত্ব বাকী থকা অৱস্থাত চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়।

ইছৰোৰ অধ্যক্ষ কে শিৱানে এই কথা ঘোষণা কৰে। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পূৰ্বে ফাইন ব্ৰেকিং ফেজত লেণ্ডাৰ বিক্ৰমৰ সৈতে ইছৰোৰ যোগাযোগ বিচ্ছিন্ন হয়।

শনিবাৰে নিশা ১ বাজি ১৫ মিনিটত সমগ্ৰ দেশে জোনবাইৰ দেশত লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰাৰ ঐতিহাসিক মুহুৰ্ত প্ৰত্যক্ষ কৰাৰ বাবে কেই মিনিটমান বাকী থকা অৱস্থাত ইছৰোৰ কণ্ট্ৰল ৰুমৰ সৈতে লেণ্ডাৰৰ বিক্ৰমৰ যোগাযোগ বিচ্ছিন্ন হয়।

চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থকা অৱস্থাত লেণ্ডাৰ বিক্ৰমৰ লেণ্ডিং গ্ৰাফ বন্ধ হৈ পৰিছিল।

উল্লেখযোগ্য যে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ ঐতিহাসিক মুহুৰ্ত প্ৰত্যক্ষ কৰাৰ বাবে নিশা ইছৰোৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত আছিল।

কে শিৱনে বিক্ৰম লেণ্ডাৰৰ সৈতে ইছৰোৰ সংযোগ বিচ্ছিন্ন হোৱাৰ কথা ঘোষণা কৰাৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিজ্ঞানীসকলক উৎসাহ প্ৰদান কৰি হতাশ নহবলৈ আহ্বান জনায় সমগ্ৰ দেশ ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে আছে বুলি কয়।

‘‘আশা কৰিছো আমি পুনৰ বিক্ৰমৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিম। মোৰ ফালৰ পৰা সকললৈকে শুভকামনা। সাহসেৰে আগবাঢ়ক, দেশ সদায় আপোনালোকৰ সৈতে আছে। আমাৰ দেশৰ বিজ্ঞানীসকলক লৈ আমি গৌৰৱান্বিত, এয়া উৎসাহৰ সময়।’’-প্ৰধান মন্ত্ৰীয়ে কয়।

ভাৰতে ২২ জুলাইত সফলভাৱে ‘চন্দ্ৰযান-২’ মুকলি কৰি ইতিহাস ৰছনা কৰিবলৈ সক্ষম হৈছিল।

অন্ধ্ৰপ্ৰদেশৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ৯৭৮ কোটি টকা ব্যয় সাপেক্ষে ‘চন্দ্ৰযান-২’ চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰা হৈছিল।

ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-২ য়ে ২০ আগষ্ট, ২০১৯ত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।

ভাৰতৰ সমগ্ৰ ‘চন্দ্ৰযান-২’ অভিযানৰ সৈতে অসমৰ তিনিগৰাকী বিজ্ঞানী ক্ৰমে জিতেন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙ জড়িত হৈ আছে।

জেষ্ঠ মহাকাশ বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামীয়ে ‘চন্দ্ৰযান-২’ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

আনহাতে, দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙে ক্ৰমে ইছৰোৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক আৰু প্ৰডাকশ্যন ষ্টেজৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছে।