NORTHEAST NOW (Assamese)
অসম

উভটি আহিব “অনামিকা”ৰ দীঘল চুলিৰ জুবিন, আপুনি বিচাৰেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2019 9:09 pm
Zubeen Garg to take new avatar with old 'long hair' look

জুবিন গাৰ্গে আকৌ চুলি ৰাখিব, “কাঞ্চনজংঘা”ৰ সফলতা ঘোষণাৰে সংবাদমাধ্যমত তেওঁ নিজে কৈছে এই কথা।

“অনামিকা” নামৰ কেছেটটোৰে অসমৰ সংগীত জগতত খলকনি তোলা গাৰ্গৰ দীঘল-চুলীয়া ৰূপক লৈ আজিও বহু অনুৰাগী নষ্টালজিক।

সদ্যমুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”ৰ সফলতাত উৎফুল্লিত গাৰ্গে পৰৱৰ্তী চিনেমাৰ নাম ঘোষণা কৰি দিছে। আৰু সেই ছবিৰ বাবে তেওঁ চুলি দীঘল কৰিব।

চিনেমাখনৰ নাম হ’ব “বাঘ”।

“কাঞ্চনজংঘা”ৰ কাৰণে চুলি কাটি দিলো বুলি উল্লেখ কৰি গাৰ্গে জনোৱা মতে “বাঘ”ৰ কাৰণে তেওঁ চুলি ৰাখিব।

এই ঘোষণাই নিশ্চয়কৈ গাৰ্গৰ নতুন “পুৰণি” ৰূপৰ বাবে বহু অনুৰাগীক ব্যাকুল কৰি তুলিব।

চ’চিয়েল মিডিয়া খুচৰিলে দীঘলচুলীয়া গাৰ্গ-ব্যাকুল বহু প’ষ্ট মাজে-সময়ে চকুত পৰে। মুখে মুখেও অনুৰাগীৰ মাজত এই ব্যাকুলতাযুক্ত কথা-বাৰ্তা চলি থাকে।

গাৰ্গৰ কিছুমান পুৰণা অনুৰাগীয়ে নতুন অনুৰাগীক কোৱা দেখা যায়— আমি ফ্ৰীকে গান নোপোৱা দিনত তেওঁৰ কেছেট কিনি শুনা যুগৰ মানুহ, ইত্যাদি।