NORTHEAST NOW (Assamese)
অটো

২০ শতাংশ দাম বৃদ্ধি হোৱাৰ পূৰ্বে কম দামতে লওক টয়টাৰ ডিজেল বাহন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 11:58 am
Toyota_Kijang_Innova

টয়টা কিৰল’স্কাৰ মটৰ (টি কে এম)ৰ ডিজেল মডেল সমূহৰ দাম অহা বছৰৰ এপ্ৰিল মাহৰ পৰা ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

কম্পেনিয়ে ইয়াৰ ডিজেল মডেল সমূহত বি এছ ছিক্স সংযোজন কৰিব আৰু সেয়ে গাড়ীৰ দাম বৃদ্ধি পাব বুলি কম্পেনিৰ এজন শীৰ্ষ বিষয়াই কয়।

‘আমাৰ ডিজেল গাড়ী সমূহ বি এছ ৪ৰ পৰা বি এছ ৬লৈ উন্নীত কৰা হ’ব আৰু সেয়ে ইয়াৰ দাম ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি পাব বুলি আশা কৰিছো’। পি টি আইত প্ৰকাশিত টি কে এমৰ ডেপুটি মেনেজিং ডিৰেক্টৰ এন ৰাজাৰ মন্তব্য।

ইফালে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে যাত্ৰীবাহী গাড়ীৰ চাহিদা অভাৱনীয়ভাৱে হ্ৰাস পাইছে। যাৰ বাবে কম্পেনি সমূহে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে।

এই সন্দৰ্ভত ৰাজাই কয় যে মন্দাৱস্থাৰ পৰা গাড়ী নিৰ্মাতা কম্পেনি সমূহক উদ্ধাৰ কৰাৰ বাবে অটোমোবাইলত ২৮ শতাংশ জি এছ টিৰ বিপৰীতে ১৮ শতাংশলৈ হ্ৰাস কৰাৰ দাবী কৰি আহিছিলো।

জাপানীজ টয়টা আৰু কিৰল’স্কাৰ গ্ৰুপৰ যুটীয়া কম্পেনি টি কে এমৰ ফালৰ পৰাও কৈছে যে দেশৰ গাড়ীৰ বজাৰত যি মন্দাৱস্থাৰ সৃষ্টি হৈছে তাৰ স্থায়ী তথা দীৰ্ঘম্যাদী সমাধানৰ বাবে অটমোবাইলত জি এছ টি শিথিল কৰাতো নিত্যান্তই প্ৰয়োজনীয়।

উল্লেখ্য যে জি এছ টি পৰিষদৰ পৰৱৰ্তি বৈঠকখন অহা ২০ ছেপ্তেম্বৰত গোৱাত অনুষ্ঠিত হ’ব। উক্ত বৈঠকতে মন্দাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গাড়ী নিৰ্মাতা কম্পেনি সমূহক জি এছ টিৰ পৰা কিছু পৰিমানে সকাহ দিব বুলি ধাৰণা কৰা হৈছে।