NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ গেন্ধালি গাঁৱত নিশা বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা September 9, 2019 2:12 pm
VideoCapture_20190909-093725

নগাঁও জিলাৰ চামগুৰিত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ উপদ্ৰৱত শ শ হেক্টৰ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে বিস্তৰ ক্ষতি সাধন হৈছে সা-সম্পত্তিৰ।

দেওবাৰে নিশা চামগুৰিৰ গেন্ধালী বেবেজীয়া গাঁৱত দুটা বনৰীয়া হাতীয়ে পুনৰ সৃষ্টি কৰে চূড়ান্ত উপদ্ৰৱৰ। হাতী দুটাই ভাঙি লণ্ড ভণ্ড কৰিলে স্থানীয় দীপ গগৈ নামৰ এজন লোকৰ এটা পকী ঘৰ।

হাতীৰ আক্ৰমণত দীপ গগৈৰ ঘৰৰ বহুখিনি সা-সামগ্ৰী বিনষ্ট হোৱাৰ উপৰি কথমপি ৰক্ষা পৰে তেওঁৰ পৰিয়ালৰ সদস্য সকল।

পুৱতি নিশা পৰ্যন্ত বনৰীয়া হাতী দুটাই বৃহত্তৰ অঞ্চলটোত উপদ্ৰৱ চলাইছে। এই বিষয়ে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতো পুৱা পৰ্যন্ত বন বিভাগৰ কোনো লোক উপস্থিত নহ’ল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে এতিয়াও হাতী দুটা কাষৰে এডৰা ডাঠ হাবিত অৱস্থান কৰি আছে। যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী।

অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধানৰ বাবে বন বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চামগুৰিৰ গেন্ধালি গাঁৱৰ ৰাইজে।