NORTHEAST NOW (Assamese)
Popular Stories

বেংকৰ চাকৰি বিচাৰিছে? SBIত ওলাইছে চাকৰি, আকৰ্ষণীয় দৰমহা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 9:05 pm
81854-sbi2-pti

বেংকত চাকৰি কৰাৰ হাবিয়াস পুহি ৰখা উপযুক্ত অৰ্হতা সম্পন্ন নিবনুৱা যুৱক-যুৱতীসকলৰ কাৰণে আহিছে এক সুন্দৰ সুযোগ। SBIত ৪৭৭টা পদৰ বিপৰীতে চাকৰি ওলাইছে।

SBIৰ স্পেছিয়েলিষ্ট কেডাৰ অ’ফিচাৰ (ৰেগুলাৰ) অধীনৰ বিভিন্ন পদৰ নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ২৫ ছেপ্টেম্বৰ।

ইতিমধ্যে উক্ত পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে sbi.co.in ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব পাৰিব।

আবেদনৰ মাচুল হৈছে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৭৫০ টকা আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১২৫ টকা।

পদসমূহত আবেদনৰ কাৰণে থাকিব লগীয়া প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু মাহিলী দৰমহা আদিৰ সম্পৰ্কত সৱিশেষ জানিবৰ বাবে আনুষ্ঠানিক জাননীত চকু ফুৰাওক।

SBIৰ দ্বাৰা প্ৰকাশিত নিযুক্তিৰ বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।