NORTHEAST NOW (Assamese)
অসম

দেশৰ মন্দাৱস্থাৰ বাবে আত্মহত্যা অসমৰ প্ৰাক্তন বায়ুসেনা বিষয়াৰ; মোদীলৈ লিখি গ’ল পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 10:27 pm
Suicide Note

বায়ুসেনাৰ এজন অসমীয়া প্ৰাক্তন বিষয়াই দেওবাৰে (৮ ছেপ্টেম্বৰত) এলাহাবাদৰ এখন হোটেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰা ঘটনাটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰধান মন্ত্ৰী মোদীক সম্বোধন কৰি লিখি যোৱা ছুইছাইড নোটটোৰ বাবে ঘটনাটো দেশৰ সংবাদ মাধ্যমৰ বাবে “বিশেষ” হৈ পৰে।

বিজন দাস নামৰ বিষয়াজনৰ ঘৰ অসমৰ মঙলদৈত আৰু তেওঁ যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰৰ খুলদাবাদ অঞ্চলৰ প্ৰয়াগ নামৰ হোটেলখনৰ এটা কোঠা ভাৰাত লৈ আছিল।

৫ পৃষ্ঠাজোৰা আত্মহত্যা টোকাটোত ৫৫ বছৰীয়া প্ৰাক্তন বিষয়াজনে অভিযোগ কৰি গৈছে যে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবেই তেওঁ অৱসৰৰ পিছত একো কৰিব নোৱাৰিলে। কিন্তু তেওঁৰ মতে অৰ্থনীতিৰ এই মন্দাৱস্থাৰ বাবে মোদীক দোষ দিব নোৱাৰি।

তাৰ পৰিৱৰ্তে তেওঁ দোষাৰোপ কৰিছে ছবছৰ পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱা য়ু পি এ চৰকাৰৰ বিত্ত মন্ত্ৰী পি চিদম্বৰমক।

“যেতিয়া বিত্তীয় খেলিমেলি হয় তাৰ প্ৰভাৱ লগে লগে নপৰে। ইয়াৰ প্ৰভাৱ কেইবছৰ মানৰ পিছতহে দেখা যায়। গতিকে কেৱল মোদী চৰকাৰকে অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে দায়ী কৰাটো ভুল কথা। বিমুদ্ৰাকৰণ বা জি এছ টিয়ে অস্থায়ীভাৱে প্ৰভাৱ পেলাব পাৰে। কিন্তু ইয়াক অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে দায়ী কৰিব নোৱাৰি”, ইণ্ডিয়া টুডেইত দাসৰ আত্মহত্যাৰ টোকাটোৰ এটা উদ্ধৃতি।

দাসে তেওঁৰ সৰু ল’ৰাটোৰ (যি গান গায় আৰু “সাৰেগামাপা লিটল চেম্পছ”ত ভাগ লৈছিল) বাবে একো কৰিব নোৱৰা বুলি আক্ষেপ কৰি যায়।

প্ৰধান মন্ত্ৰী মোদীক তেওঁৰ সৰু পুত্ৰ বিবেক দাসক গায়ক হোৱাৰ স্বপ্ন পূৰণত সহায় কৰিবলৈও অনুৰোধ কৰে জীৱনৰ চূড়ান্ত সিদ্ধান্তটো লোৱা দাসে।

হোটেল কৰ্তৃপক্ষই আৰক্ষীক জনোৱামতে, দাস ৮ ছেপ্টেম্বৰত গোটেই দিন ধৰি বাহিৰলৈ ওলোৱা নাছিল। আৰু তাৰ পিছতে হোটেলৰ কৰ্মচাৰীয়ে জুমি চাই তেওঁৰ মৃতদেহ চিলিং ফেনত ওলমি থকা দেখা পায়।

তেওঁ ১৫০০ টকা নিজৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে ৰাখি গৈছে আৰু সেই কথা ছুইছাড নোটত লিখি থৈ গৈছে। কোঠাটোৰ ভাৰাও ৫০০ টকা ৰাখি গৈছে। দাসে তেওঁৰ মৃতদেহ সৎকাৰ কৰা মানুহক টকা দিবলৈ নিজৰ সামৰ্থ্য নাই বুলিও টোকাটোত এটা আক্ষেপ এৰি যায়।

আনহাতে তেওঁ ঘৰৰ মানুহক খবৰ নিদিবলৈ আৰু এলাহাবাদতে তেওঁৰ সৎকাৰ কৰিবলৈ এলাহাবাদৰ প্ৰশাসনক অনুৰোধ কৰি যায়।

আৰক্ষীয়ে ইতিমধ্যে অসমত থকা তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে।