NORTHEAST NOW (Assamese)
অসম

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বুজ ল’লে মাইবাঙৰ সামগ্ৰীক পৰিস্থিতি

Posted by: এন ই নাও নিউজ February 1, 2018 12:41 pm
Debabrat saikia

ডিমা হাচাওৰ মাইবাঙত হোৱা সামগ্ৰিক পৰিস্থিতিৰ বুজ লবলৈ আজি হাফলঙত উপস্থিত হৈছে অসম বিধানসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ বিধায়ক দেবব্ৰত শইকীয়া।

বিৰোধী বিধায়িনী দলৰ নেতাজনৰ লগত কংগ্ৰেছৰ দুই জেষ্ঠ্য বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মিও পৰিস্থিতি সন্দৰ্ভত বুজ লয়।

ইয়াৰ পিছতে হাফলং আবৰ্ত ভবনত বিৰোধী দলপতিজনে সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হৈছে  ডিমা হাচাওৰ বিভিন্ন দল-সংগঠনৰ লগত। দলপতিজনৰ লগতে কংগ্ৰেছ বিধায়কদ্বয়ো উপস্থিত থাকে আলোচনাত।

আলোচনাৰ অন্তত বিৰোধী দলপতিজনে এখন সংবাদমেল সম্বোধন কৰি কয় যে মাইবঙত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ দায়ী।

উল্লেখযোগ্য যে ডিমা হাচাওৰ মাইবাঙত যোৱা ২৫ জানুৱাৰিত বিভিন্ন দল-সংগঠনে নাগালিম চুক্তিক কেন্দ্ৰ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। উক্ত প্ৰতিবাদকাৰীৰ ওপৰত ৰাষ্ট্ৰৰ পুলিচ বাহিনীয়ে চলোৱা গুলীবৰ্ষণৰ ফলত দুজন প্ৰতিবাদকাৰী নিহত হ’বলগীয়া হৈছিল।

স্মৰ্তব্য যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিস্থিত নিয়ন্ত্ৰণত ৰাখিবলৈ মাইবাঙত জিলা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছিল।

পৰৱৰ্তী সময়ত জিলাখনৰ লগতে মহকুমা মাইবাঙত পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘুৰি অহাৰ বাবে মহকুমা প্ৰশাসনে মঙলবাৰে দিনৰ তিনি বজাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছিল।