NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ তাজিয়া কাণ্ড; আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী September 13, 2019 10:53 pm

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণক মহানগৰীৰ কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ অধীক্ষক ৰূপে বদলি কৰা হৈছে।

বিপৰীতে ডিব্ৰুগড় জিলাত নতুন আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে এ পি এছ বিষয়া গৌতম বৰাক। এই কথা গৃহ বিভাগে এক জাননী যোগে জনাইছে।

জানিব পৰা মতে তাজিয়া কাণ্ডৰ পিছতে মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টিৰ আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰা হৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণে জিলাখনত চলি থকা ড্ৰাগছ আৰু চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লৈছিল।

আনকি জিলাখনৰ পৰা বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই থকা লোকক আটক কৰিবলৈও সক্ষম হৈছিল। স্থানীয় ৰাইজেও আৰক্ষী অধীক্ষক গৰাকীৰ এনে পদক্ষেপক আদৰণি জনাইছিল।

উল্লেখযোগ্য যে মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত একাংশ উন্মত্ত লোকে তাজিয়া প্ৰদৰ্শনৰ নামত চৰম উদ্ভণ্ডালি প্ৰদৰ্শন কৰি এক অস্থিৰ আৰু আতংকময় পৰিস্থিৰ সৃষ্টি কৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিল।

ডিব্ৰুগড় আৰক্ষীয়ে তাজিয়া ঘটনাৰ লগত জড়িত থকৰ অভিযোগত জাভেদ আখতাৰ খান ওৰফে আজাদ খান নামৰ এজন কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰ কৰিছিল।

তাৰোপৰি ফুলকান আলী নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণে সংবাদ মাধ্যমৰ আগত আইন উলংঘন কৰা কোনো লোককেই ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰিছিল।