NORTHEAST NOW (Assamese)
অসম

আজি প্ৰকাশ পাব এন আৰ চিৰ সম্পূৰ্ণ তালিকা; কেনেকৈ চাব আপোনাৰ তথা পৰিয়ালৰ সদস্যৰ নাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2019 9:53 am
NRC-assam

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সকলোৱে নিজৰ নাম চাব পৰাকৈ চূড়ান্ত তালিকা আজি প্ৰকাশ কৰা হ’ব। আজি প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাত অনলাইন যোগে ARN Search কৰিও অসমৰ জনসাধাৰণে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হৈছে নাই চাব পাৰিব।

ৰাজ্যত চলি থকা দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ অন্তত এন আৰ চিৰ পৰা বাদ পৰা আৰু অন্তৰ্ভূক্ত হোৱা লোকৰ সম্পূৰ্ণ তালিকাৰে ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হৈছিল যদিও সকলো লোকে সেই তালিকাত নিজৰ নাম চাব পৰা নাছিল।

৩১ আগষ্টত পৰিপূৰক তালিকাহে মুকলি কৰি দিয়া হৈছিল য’ত শুনানিৰ বাবে আবেদন কৰা লোকসকলৰ লগতে পূৰ্বে বাদ পৰা যিসকলৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকৰ নাম চাব পৰা গৈছিল।

আনহাতে, আজিৰে পৰা সকলোৱে অনলাইনত তেওঁলোকৰ নিজৰ লগতে পৰিয়ালৰ নাম চূড়ান্ত এন আৰ চি তালিকাত আহিছে নে নাই সেয়া চাব পাৰিব।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অন্তত ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে দাবী আৰু আপত্তি দাখিল নকৰা সকলকে ধৰি মুঠ  ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম বাদ পৰিল।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত  ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

চূড়ান্ত এন আৰ চিত অন্তৰ্ভূক্ত সকলোৰে নাম আজিৰ পৰাহে অনলাইনযোগে চাব পৰাকৈ উপলব্ধ হ’ব। পূৰ্বে ৭ ছেপ্তেম্বৰৰ পৰা সকলোৱে এন আৰ চিত নিজৰ নাম চাব পৰাকৈ চূড়ান্ত তালিকা  উপলব্ধ কৰোৱা হ’ব বুলি উল্লেখ কৰিছিল ।

এন আৰ চিত নিজৰ নামটো আছে নে নাই কেনেদৰে চাব পাৰিব ?

ৱেবচাইট:

জনসাধাৰণতে তলত দিয়া ৱেবচাইট কেইটাত গৈ এন আৰ চিত নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব।

https://www.thefinalnrc.in/FinalNRC/Draft.htm

https://www.thefinalnrc.com/FinalNRC/Draft.htm

http://www.assam.gov.in

http://www.homeandpolitical.assam.gov.in

 

এছ এম এছ (SMS):

মোবাইল ফোনেৰেও এন আৰ চিত নিজৰ নাম আছে নে নাই চাব পৰা যাব। তাৰ বাবে মেছেজলৈ গৈ ARN টাইপ কৰক এটা স্পেচ দিয়ক ARN নম্বৰ অন্তৰ্ভূক্ত কৰক আৰু ৯৭৬৫৫৫৬৫৫৫ নম্বৰলৈ প্ৰেৰণ কৰক।

ট’ল ফ্ৰী নম্বৰ:

এন আৰ চি নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব বিচৰা সকলে ১৫১০৭ নম্বৰত ফোন কৰিও জানিব পাৰিব। অসমৰ বাহিৰৰ লোকৰ বাবে এই নম্বৰ হ’ল ১৮০০৩৪৫৩৭৬২

তাৰোপৰি, এন আৰ চি সেৱা কেন্দ্ৰসমূহত উপলব্ধ এন আৰ চিৰ চূড়ান্ত তালিকাত সকলোৱে নিজৰ নাম চাব পাৰিব।