NORTHEAST NOW (Assamese)
অসম

জাল প্ৰমাণপত্ৰ দি চাকৰি লোৱা অসম ৰঞ্জি দলৰ অধিনায়ক গকুল শৰ্মাৰ বিৰুদ্ধে গোচৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 14, 2019 9:27 pm
Gakul Sarmah

শৈক্ষিক অৰ্হতাৰ জাল প্ৰমাণ পত্ৰ দি চাকৰি কৰি থকা বুলি অসম ৰঞ্জি দলৰ অধিনায়ক গকুল শৰ্মাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এখন এজাহাৰ দিছে অসমৰ মহাগাণনিক (হিচাপ)ৰ কাৰ্য্যালয়ে।

স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ দিয়া শৰ্মাই মহাগাণনিক (হিচাপ)ৰ কার্যালয়টোত এজন জ্যেষ্ঠ হিচাপ পৰীক্ষক হিচাপে ২০১৫ চনৰ পৰা চাকৰি কৰি আছে।

বশিষ্ঠ থানাই এজাহাৰখনৰ ভিত্তিত গকুল শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ (নম্বৰ ১৫৬০/১৯) ৰুজু কৰা বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

মহাগাণনিকৰ কাৰ্য্যালয়ৰ অভিযোগ, জ্যেষ্ঠ গাণনিক শৰ্মাই ৰাজস্থানৰ পিলানীস্থিত শ্ৰীধৰ বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত স্নাতক উত্তীৰ্ণ বুলি দাবী কৰি যিখন প্ৰমাণ পত্ৰেৰে চাকৰি লৈছিল, সেইখন জাল।

Mr. Gokul Sharma (Enrolment No. JILBAGEN00032577) is not our student. The attached documents are not genuine” প্ৰমাণ পত্ৰখনৰ সত্যতা অগ্ৰাহ্য কৰি শ্ৰীধৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ এই স্পষ্টীকৰণ।

ইয়াৰ পিছতে জ্যেষ্ঠ গাণনিক তথা ৰঞ্জি খেলুৱৈজনৰ বিৰুদ্ধে থানাত গোচৰ দিয়ে মহাগাণনিকৰ কাৰ্য্যালয়ে।

জাল প্ৰমাণ পত্ৰ দি চাকৰি লোৱাৰ অভিযোগত পৰা শৰ্মাই ৫০খনতকৈ অধিক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছে। তেওঁ আগন্তুক বিজয় হাজাৰে ট্ৰফিৰ বাবে নিৰ্বাচিত অসম দলৰ অধিনায়ক হিচাপেও দায়িত্ব পাইছিল।