NORTHEAST NOW (Assamese)
অসম

শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰক দাৰ্শনিক আৰু গাইড হিচাপে গ্ৰহণ কৰাৰ মানসিকতা আমি আহৰণ কৰিব লাগিব : মুখ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2019 9:56 pm
Chief minister Sarbananda Sonowal

‘‘শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰক অকল গুৰু হিচাপেই গণ্য কৰিলে নহ’ব।এইগৰাকী গুৰুক দাৰ্শনিক আৰু গাইড হিচাপে গ্ৰহণ কৰাৰ মানসিকতা আমি আহৰণ কৰিব লাগিব। শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰই বিশ্ব মানৱ সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে মহান বাণী প্ৰদান কৰি গৈছে আৰু এই বাণীৰে আমি জীৱনৰ বাটত আগবাঢ়িলে মানৱীয় গুণৰাশি বিকশাই তুলিবলৈ সক্ষম হ’ম’’-তিনিচুকীয়াত শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩২ তম আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

সোণোৱালে কয় যে শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ বাণী বাস্তৱ জীৱনত প্ৰয়োগ কৰি শান্তি-সম্প্ৰীতি,ভাতৃত্ববোধ আৰু বন্ধুত্বৰ বান্ধোন আটুট ৰাখি এখন মহান আদৰ্শ সমাজ গঢ় দিব লাগিব। এইগৰাকী গুৰুৱে ভক্তগণক যি আদৰ্শৰে জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ পৰামৰ্শ দি গৈছে তাক মানি চলি ব্যক্তি আৰু সামাজিক জীৱন মধুৰ কৰি তুলিব লাগিব।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে জীৱনত গুৰুৰ বাণী মানি চলিলে আত্মবিশ্বাস বৃদ্ধি পায়। সেইবাবে এইগৰাকী গুৰুৰ বাণী মানি চলিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈ ভাল কাম কৰি বিশ্বৰ মানুহক আমাৰ শক্তিৰ উমান দিব লাগিব।

মুখ্য মন্ত্ৰীয়ে গুৰুবাণীৰে ভাল মানুহ আৰু ভাল কাম কৰিব পাৰিলেহে সমাজ এখন সাৱলীল গতিৰে আগুৱাই যাব পাৰে বুলি উল্লেখ কৰি নিজৰ জীৱনতো শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ প্ৰভাৱ আছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আজিৰ সভাত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সঞ্জয় কিষাণ, বলিন চেতীয়া, ভাস্কৰ শৰ্মা, সুৰেণ ফুকন, তিনিচুকীয়া সৎসংগ বিহাৰৰ মুৰব্বী ঋত্বিত ডাঃ হৰমোহন দে প্ৰমুখ্যে ভক্তপ্ৰাণ ৰাইজ উপস্থিত আছিল।