NORTHEAST NOW (Assamese)
অসম

৩১গৰাকী এ চি এছ বিষয়াৰ পদোন্নতিত অনুমোদন বিভাগীয় পদোন্নতি কমিটীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2019 8:26 am
Sri-Alok-Kumar-IAS-570x320

ৰাজ্য চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰৰ অধ্যক্ষতাত থকা বিভাগীয় পদোন্নতি কমিটীয়ে ৰাজ্যখনৰ ৩১গৰাকী এ চি এছ বিষয়াৰ পদোন্নতিত অনুমোদন জনাইছে।

১৭ ছেপ্টেম্বৰত সচিবালয়ত আলোক কুমাৰৰ অধ্যক্ষতাত কমিটীখনৰ বৈঠক অনুষ্ঠিত হৈছিল।

সূত্ৰটোৱে কয় যে এই পদোন্নতি লাভ কৰা বিষয়াসকলৰ প্ৰায় সকলেই ২০১০ বৰ্ষৰ বেচ্চটোৰ পৰা নিৰ্বাচিত আৰু তেওঁলোক বৰ্তমান ৰাজহ চক্ৰ বিষয়াৰ পদত কাৰ্য্য নিৰ্বাহ কৰি আছে।

জুনিয়’ৰ গ্ৰেডৰ এই বিষয়াসকল এই পদোন্নতিৰ পিছত ছিনিয়’ৰ গ্ৰেডৰ দ্বিতীয় শ্ৰেণীলৈ উন্নীতকৃত হ’ব।

জানিব পৰামতে, এওঁলোকৰ বহু কেইজনে অতিৰিক্ত উপায়ুক্তৰ পদ লাভ কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে কমিটীৰ দ্বাৰা অনুমোদিত পদোন্নতিৰ তালিকাত মুখ্য মন্ত্ৰীয়ে চূড়ান্ত অনুমোদন কৰিলেহে বিষয়াকেইজনৰ পদোন্নতি কাৰ্য্যকৰী হ’ব, যিটো অচিৰেই মুখ্য মন্ত্ৰীয়ে কৰাৰ কথা।