NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে এগৰাকী ডাম্পাৰ চালকে

Posted by: চাজিদ খান Updated by: চাজিদ খান September 20, 2019 11:01 am
electrocuted-1140x570

এক মৰ্মান্তিক ঘটনাত বৃহস্পতিবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং ওজাগড় গাঁৱত এজন ডাম্পাৰ চালকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’বলগীয়া হয়।

এ এছ-২৬-চি-৫৪১৭ পঞ্জীয়ন নম্বৰৰ ডাম্পাৰখনে এটা পথ নিৰ্মাণৰ বাবে শিল পেলাই থৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

অতি গধূৰ বাহনখন উচ্চ ক্ষমতা সম্পন্ন ১১ কিলো ভল্টৰ বিদ্যুৎ শক্তি পৰিবাহী লাইনত সম্পৰ্ক ঘটাৰ ফলতে বিদ্যুৎস্পৃষ্ট হৈ চালকজনে মৃত্যুক সাৱটি ল’বলগীয়া হয়।

প্ৰায় ৩৫ বছৰীয়া মৃত চালকজনক খেৰা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোৰ সময়ত হেন্দিমেনজন কোনোমতে ৰক্ষা পৰে।

দুৰ্ঘটনাটোৰ পাছতে এক বৃহৎসংখ্যক স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটোৰ চাৰিওপিনে সমবেত হৈ শক্তি বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

বিদ্যুৎ পৰিবাহী লাইনটো বিভাগীয় নিয়ম অনুসৰি ১৫-২০ মিটাৰ উচ্চতাত থকাৰ বিপৰীতে ইয়াত প্ৰায় চাৰি মিটাৰ উচ্চতাত ওলমি আছে।

ইয়াৰ পাছতে ওদালগুৰিৰ উপ আৰক্ষী অধীক্ষক (সদৰ) এম ইছলামৰ লগতে মাজবাটৰ ৰাজহ চক্ৰ বিষয়া ধৃতিমান দাস ঘটনাস্থলীত উপস্থিত হৈ গাঁৱবাসীক শান্ত কৰে।

চালকজনৰ মৃতদেহটো পাছত উদ্ধাৰ কৰি মাজবাট আৰক্ষী থানাত ৰখা হয়।