NORTHEAST NOW (Assamese)
অসম

মুকলিৰ পিছদিনাই শ্বপিং মলত যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী September 21, 2019 9:14 pm

ডিব্ৰুগড়ত যোৱা শুকুৰবাৰে মুকলি হোৱা ৰংঘৰ প্লাজা নামৰ এটা শ্বপিং মলত আজি এজন ২৫ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মলটোৰ তলৰ মহলাত মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনৰ নাম লাটু দিহিঙীয়া। তেওঁৰ ঘৰ ডিব্ৰুগড়ৰ বৰবৰুৱাত।

ঘটনাটোৰ পোহৰলৈ অহাৰ পিছতে বৰবৰুৱাৰ স্থানীয় লোকসকলে ডিব্ৰুগড় আৰক্ষী থানা ঘেৰাও কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে পেন্তালুনছ, KFC আদি বিভিন্ন নামী-দামি ব্ৰেণ্ড থকা শ্বপিং মলটোৰ মুকলিৰ দিনা যুৱকজন দুপৰীয়াৰ পৰা নিখুজ হৈ থকাত সন্ধিয়ালৈ তেওঁৰ মাতৃয়ে ডিব্ৰুগড় থানাত এখন এজাহাৰ দাখিল কৰে।

তেওঁ মলটোত থকা পেন্তালুনছৰ বিপনিত কাম কৰিছিল।

আজি দিনৰ ১১ বজাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালৰ লগতে উত্তেজিত স্থানীয় লোকে শ্বপিং মলটোত উপস্থিত হৈ মেনেজাৰ আৰু মালিকৰ পৰা ঘটনাৰ জবাব বিচাৰে। তেওঁলোকে দিহিঙীয়াক হত্যা কৰা হৈছে বুলি অভিযোগ কৰি দোষীক বিচাৰি উলিওৱাৰ দাবী তোলে।

লাটু দিহিঙিয়াৰ পত্নী দিম্পী দিহিঙীয়াই জনোৱা মতে তেওঁৰ গিৰিয়েকে প্ৰায় ২০ দিন পূৰ্বে চাকৰিত যোগদান কৰিছিল।

‘মোৰ স্বামীক হত্যা কৰা হৈছে। ঘটনাৰ আঁৰত শ্বপিং মলটোৰ কৰ্মচাৰী জড়িত হৈ আছে। ইমান দেৰি কিয় কোনেও তাত পৰি থকা মৃতদেহটো দেখা পোৱা নাছিল? এইটো কেনেদৰে সম্ভৱ?’ পত্নীৰ প্ৰশ্ন।

ডিব্ৰুগড় আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ‘আমি এতিয়াই একো ক’ব নোৱাৰিম কাৰণ তদন্ত পাৰম্ভিক পৰ্যায়ত আছে। সোধা-পোচাৰ বাবে আমি মলটোৰ ১১ গৰাকী কৰ্মচাৰী আৰু ৩ গৰাকী নিৰাপত্তাৰক্ষীক আটক কৰিছো।’ আৰক্ষীয়ে কয়।

ডিব্ৰুগড় জিলা প্ৰসাশনেও বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দি অতিৰিক্ত জিলা দণ্ডাধীশে কয়, ‘‘আমি ঘটনাটোৰ তদন্ত চলোৱাৰ লগতে মলটোয়ে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি লৈছে নে তাৰ অনুসন্ধান কৰিম। ইয়াৰ উপৰি আমি বিল্ডিংটোৰ নিৰাপত্তাৰ দিশটো চাম। তেতিয়ালৈকে মলটোত সাধাৰণ লোকৰ প্ৰৱেশ বন্ধ ৰখা হ’ব।‘

পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

আনহাতে টাই আহোম যুৱ পৰিষদে লাটু দিহিঙীয়াৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপুৰণ দিয়াৰ দাবী জনায়।