NORTHEAST NOW (Assamese)
অসম

দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে ছবিগৃহ; চিনেমাপ্ৰেমীৰ মাজত ক্ষোভ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম September 22, 2019 7:10 pm

১৯৩৫ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাতেই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া কথাছবি জয়মতী। তেনে এক গৰিমাৰে মহিমামণ্ডিত বিশ্বনাথ জিলাবাসী কিন্ত এতিয়া বঞ্চিত হৈ পৰিছে চিনেমা উপভোগৰ পৰা।

সম্প্ৰতি অসমীয়া ছবি জগতলৈ সোণালী দিন পুনৰ ঘূৰি আহিছে। মুক্তি পাইছে বহু কেইখন অসমীয়া ছবি। কিন্তু এই ছবি সমূহ চাব পৰা নাই বিশ্বনাথ জিলাবাসীয়ে।

কিয়নো বিশ্বনাথ চাৰিআলিত থকা একমাত্ৰ চিনেমা হলটো বিগত কেইবা মাহ ধৰি বন্ধ হৈ থকাৰ বাবেই অসমীয়া চিনেমা উপভোগৰ পৰা বঞ্চিত হৈছে দৰ্শক।

উল্লেখ্য যে ২০১৪ চনত পাভৈ সমবায় সমিতিৰ পৰা শতৰূপা কৰ্তৃপক্ষই লীজত লৈছিল হলটো। শতৰূপা কমপ্লেক্স নাম দি শতৰূপা কৰ্তৃপক্ষই ৰাজীৱ বৰা মালিকনাধীন গ’ল্ড চিনেমাৰ লগত অংশীদাৰ হৈ চিনেমা প্ৰদৰ্শন কৰি আহিছিল।

কিন্তু শতৰূপা কৰ্তৃপক্ষ আৰু গ’ল্ড চিনেমাৰ ৰাজীৱ বৰাৰ মাজত ভিতৰুৱা কিছু মতানৈক্য হোৱাৰ বাবেই যোৱা ডেৰ বছৰৰ পৰা বন্ধ হৈ আছে এই চিনেমা হলটো।

উল্লেখ্য যে কিছু দিন পূৰ্বে জুবিন গাৰ্গে বিশ্বনাথত কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই যোৱাৰ পিছতে যোৱা ২০ ছেপ্তেম্বৰত যতীন বৰা আৰু বৰষা ৰাণী বিষয়াই বিশ্বনাথত ৰত্নাকৰৰ প্ৰচাৰ চলাইছিল। ইফালে বিভিন্ন অঞ্চলত সমাদৃত ৰীমা দাসৰ বুলবুল কেন ছিং ছবিখনো মুক্তি লাভ কৰিছে।

তেনে স্থলত যদিহে চিনেমা হলটো পুনৰ মুকলি নকৰে তেন্তে কাঞ্চনজংঘা আৰু বুলবুল কেন ছিঙৰ দৰে ৰত্নাকৰ উপভোগ কৰাৰ পৰাও বঞ্চিত হ’ব বিশ্বনাথ জিলাবাসী। যাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত।

ইফালে শতৰূপা কৰ্তৃপক্ষই চিনেমা হলটো একমাত্ৰ ৰাজীৱ বৰাৰ বাবেহে বন্ধ হৈ আছে বুলি অভিযোগ কৰে। হলটোৰ লোকচান দেখুৱাই ৰাজীৱ বৰাই যোৱা ডেৰ বছৰ ধৰি বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰিছে শতৰূপাৰ স্বত্বাধিকাৰী সকলে।

জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকাৰিত অভিযুক্ত ৰাজীৱ বৰাৰ আকোৰগোজ নীতিৰ বাবেই পুনৰ মুকলি কৰিবলৈ চেষ্টা চলোৱা চিনেমা হলটো মুকলি কৰিব পৰা নাই বুলি শনিবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে শতৰূপা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।