NORTHEAST NOW (Assamese)
অসম

চেঞ্চুৰী অভিমুখী পিঁয়াজৰ মূল্য; আকস্মিক মূল্যবৃদ্ধিৰ কাৰণ কি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2019 1:04 pm

সাধাৰণতে পিঁয়াজ কাটোতে চকু পানী ওলায় কিন্তু বৰ্তমান যি আকাশলংঘী মূল্য হৈছে তাত হয়তো আপোনাৰ পিঁয়াজ কিনোতে ওলাব পাৰে চকুপানী।

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। ইতিমধ্যে হাফ চেঞ্চুৰী অতিক্ৰম কৰা পিঁয়াজে শতক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে।

জানিব পৰা মতে আগন্তুক দুৰ্গাপূজা উপলক্ষে কলকাতাৰ পাইকাৰী বজাৰত পিঁয়াজৰ ট্ৰাক সোমাবলৈ দিয়া হোৱা নাই। ইফালে কৰ্ণাটক আৰু নাছিকত হোৱা প্ৰৱল বানৰ কৱলত পৰি পিঁয়াজৰ বীজ নষ্ট হোৱাৰ বাবেও ইয়াৰ প্ৰভাৱ ৰাজ্যখনৰ খুচুৰা-পাইকাৰী বজাৰত পৰিছে বুলি জানিব পৰা গৈছে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো পিঁয়াজৰ খুচুৰা মূল্যই বৰ্তমান প্ৰতি কিলোগ্ৰামত ৫০-৬০ টকা পৰ্যন্ত পাইছেগৈ। বিপীৰতে পিঁয়াজৰ পাইকাৰী মূল্য হৈছেগৈ ৪৫-৪৬ টকা।

ইফালে পিঁয়াজৰ ম্যূল্য বৃদ্ধিক লৈ বজাৰত গ্ৰাহক আৰু বেপাৰীৰ মাজত তৰ্কাতৰ্কি হোৱাও দেখা গৈছে। মাত্ৰ এসপ্তাহৰ ভিতৰত পিঁয়াজৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ ৰাজ্যবাসীক।

পিঁয়াজৰ এই আকস্মিক মূল্যবৃদ্ধি চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া অনাগত দিনত লক্ষণীয় হ’ব।