NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ছাত্ৰক প্ৰহাৰৰ ঘটনা; শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ September 24, 2019 8:40 am
IMG-20190924-WA0001

শিৱসাগৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকৰ দ্বাৰা ছাত্ৰক প্ৰহাৰৰ এক ঘটনা সংঘটিত হৈছে।

শিৱসাগৰৰ ফুকন নগৰৰ নিউলুক একাডমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত সংঘটিত হৈছে এই ঘটনা।

সহপাঠী ছাত্ৰৰ লগত প্ৰস্ৰাৱগাৰলৈ যোৱাৰ অপৰাধত পঞ্চম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ কৰিলে শিক্ষকে।

বিদ্যালয়খনত পঞ্চম শ্ৰেণীত অধ্যায়ণৰত ছাত্ৰ ৰূদ্ৰাক্ষ ফুকনক প্ৰহাৰ কৰে বিদ্যালয়খনৰ শিক্ষক পাঞ্চু বৰঠাকুৰে।

IMG-20190924-WA0000
ছাত্ৰজনৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ কপি।

শিক্ষক বৰঠাকুৰৰ প্ৰহাৰত আহত হয় কণমানি ছাত্ৰজন।

আনহাতে, ঘটনাৰ সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষক ছাত্ৰজনৰ পিতৃ-মাতৃ ৰাজীৱ ফুকন আৰু মনিষা ফুকনে অভিযোগ দিবলৈ যোৱাত তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰে ছাত্ৰজনৰ পিতৃ-মাতৃয়ে।

ইপিনে, শিৱসাগৰ সদৰ থানাত শিক্ষক পাঞ্চু বৰঠাকুৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ছাত্ৰজনৰ মাতৃ মনিষা ফুকনে।

ইয়াৰ পূৰ্বেও শিক্ষকজনৰ বিৰুদ্ধে সামান্য কথাতে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ আছে।

ছাত্ৰজনক প্ৰহাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে শিক্ষক পাঞ্চু বৰঠাকুৰে।