NORTHEAST NOW (Assamese)
অসম

সাধাৰণ ৰাইজৰ বাবে সকাহ; বেংকৰ দুদিনীয়া ধৰ্মঘট প্ৰত্যাহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2019 9:41 am
5295-bank-indisde-new-750x375

বেংকৰ ট্ৰেড য়ুনিয়নৰ প্ৰস্তাৱিত ২৬ আৰু ২৭ ছেপ্টেম্বৰৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰা হৈছে। য়ুনিয়নে ১০টা বেংকৰ একত্ৰীকৰণ বিৰোধিতাৰে ধৰ্মঘট পালনৰ কথা ঘোষণা কৰিছিল।

য়ুনিয়নৰ নেতা আৰু কেন্দ্ৰীয় বিত্ত সচিব ৰাজীৱ কুমাৰৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই ধৰ্মঘট প্ৰত্যাহাৰ কৰা হয়।

বেংক য়ুনিয়নে জানিবলৈ দিয়ে যে চৰকাৰে তেওঁলোকৰ দাবী গুৰুত্ব সহকাৰে লৈছে আৰু ইয়াৰ ওপৰত বিবেচনা কৰাৰ আশ্বাস দিছে।

উল্লেখ্য যে বেংক কৰ্মচাৰীসকলৰ চাৰিটা সংগঠনে ২৬ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া ধৰ্মঘটৰ ঘোষণা কৰিছিল।

য়ুনিয়নে বেংকৰ একত্ৰীকৰণৰ বিৰোধিতাৰ লগতে একাদশ দৰমহা চুক্তি কাৰ্যকৰীকৰণৰ দাবীৰে ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বেংকিং খণ্ডৰ চাৰিটা ট্ৰেড সংগঠনে ২৫ ছেপ্টেম্বৰৰ নিশাৰ পৰা ২৭ ছেপ্টেম্বৰৰ মাজনিশালৈকে ধৰ্মঘটৰ আহ্বান জনাইছিল।

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যন(AIBOC), অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছোচিয়েশ্যন(AIBOA), ইণ্ডিয়ান নেশ্যনেল বেংক অফিচাৰ্ছ কংগ্ৰেছ INBOC) আৰু নেশ্যনেল অৰ্গেনাইজেশ্যন অফ বেংক অফিচাৰ্ছ (NOBO) য়ে একেলগে ধৰ্মঘটৰ জাননী দিছিল।

উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ ৰাজহুৱা খণ্ডৰ ১০টা বেংকৰ একত্ৰীকৰণ কৰি চাৰিটা বেংক কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।