NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘গ্ল’বেল গ’ল কীপাৰ’ বঁটাৰে সন্মানিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2019 2:33 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘গ্ল’বেল গ’ল কীপাৰ’ বঁটাৰে সন্মানিত কৰে বিল এণ্ড মিলিণ্ডা গেটছ ফাউণ্ডেশ্যনে। প্ৰধান মন্ত্ৰী গৰাকীক স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।

বিল এণ্ড মিলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ হৈ বিল গেটছে প্ৰধান মন্ত্ৰী মোদীক এই বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ প্ৰধান মন্ত্ৰী মোদীয়ে ভাৰতীয়সকললৈ উৎসৰ্গা কৰি কয় যে, ‘এই বঁটা সেই সকল ভাৰতীয়লৈ উৎসৰ্গা কৰিছো যিসকল ভাৰতীয়ই স্বচ্ছত ভাৰত অভিযানক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিলে আৰু ইয়াক তেওঁলোকৰ দৈনন্দিন জীৱনৰ সংগী কৰিলে।’

‘আজি মই বহুত সুখী কাৰণ মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ যি সপোন দেখিছিল, সেয়া সাকাৰ হোৱাৰ পথত’ বঁটা গ্ৰহণ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

তাৰোপৰি মোদীয়ে কয় যে, ‘গান্ধীজীয়ে কৈছিল এখন আদৰ্শ গাঁও তেতিয়াহে হ’ব যেতিয়া সেয়া সম্পূৰ্ণৰূপে স্বচ্ছ হ’ব।’

আজি আমি গাঁৱেই নহয়, সম্পূৰ্ণ দেশক স্বচ্ছতাৰ ক্ষেত্ৰত আদৰ্শ কৰি তোলাৰ দিশে আগবাঢ়িছো বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে, ‘মোৰ বিশ্বাস আছে যে স্বচ্ছ ভাৰত অভিযানৰ দৰে বাকী মিছনো সফল হ’ব।’