NORTHEAST NOW (Assamese)
অসম

উপ-নিৰ্বাচন : বিজেপিৰ তিনি সমষ্টিৰ প্ৰাৰ্থিত্বৰ পেনেল প্ৰস্তুত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 25, 2019 9:03 pm
bjp flag

অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৪টা সমষ্টিৰ উপ নিৰ্বাচনৰ ৩টা সমষ্টিৰ প্ৰাৰ্থিত্বৰ পেনেল প্ৰস্তুত কৰি উলিয়ালে ৰাজ্যিক বিজেপিয়ে। ৰঙাপাৰা, সোণাৰি আৰু ৰাতাবাৰীৰ পৰা তিনিজনকৈ প্ৰাৰ্থী পেনেলত অন্তৰ্ভুক্ত কৰিছে বিজেপিৰ নিৰ্বাচনী কমিটিয়ে।

সোণাৰি সমষ্টিৰ পৰা পেনেলত নাম অন্তৰ্ভুক্ত হৈছে নৱনীতা সন্দিকৈ, স্বাক্ষৰ গগৈ আৰু অনুপ সিং ৰাজপুৰোহিতৰ নাম।  ৰঙাপাৰাত ৰাজেন বৰঠাকুৰ, বাটাছ ওৰাং আৰু কেশৱ উপাধ্যায়ৰ নাম সনিৱিষ্ট হৈছে বুলি খবৰ আহিছে।

ৰাতাবাৰীত বিজয় মালাকাৰ, জয়দেৱ দাস আৰু সুনীল বিনৰ নাম অন্তৰ্ভুক্ত হৈছে প্ৰাৰ্থিত্বৰ পেনেলত।

এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি সোণাৰি সমষ্টিত নৱনীতা সন্দিকৈৰ ৰাইজৰ মাজত জনপ্ৰিয়তা সৰ্বাধিক। সেই দিশৰ পৰা চাবলৈ গ’লে সোণাৰিত নৱনীতা সন্দিকৈৰ টিকট লাভৰ পূৰ্ণ সম্ভাৱনা আছে।

আনহাতে, ৰঙাপাৰা সমষ্টিৰ পৰা তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ টিকট লাভৰ সম্ভাৱনা প্ৰকট বুলি নাম প্ৰকাশত অনিশ্চুক সূত্ৰই আমাক জনায়।

ইপিনে, জনিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব পেনেল বৰ্তমানলৈকে প্ৰস্তুত কৰা নাই বিজেপিয়ে। বৰ্তমানলৈকে কোনো প্ৰাৰ্থীকে চূড়ান্ত কৰাত বিমোৰত পৰিছে ৰাজ্যিক বিজেপি। সেয়েহে ইয়াৰ প্ৰাৰ্থিত্ব পেনেল প্ৰস্তুতৰ কর্তৃত্ব দিয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক।

এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি জনিয়া সমষ্টিটো মিত্ৰ দল অগপক এৰি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যিহেতু অন্য তিনিটা সমষ্টিৰ তুলনাত জনিয়া সমষ্টিত থমকি ৰ’বলগীয়া হৈছে গেৰুৱা দলটো।

উল্লেখযোগ্য যে, বুধবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল।

আজি প্ৰস্তুত কৰা এই পেনেল তালিকা দলৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰা হয়।