NORTHEAST NOW (Assamese)
অসম

টংলাত সন্দেহযুক্ত এন ডি এফ বি(এছ) লিংকমেন আটক; পিষ্টল উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2019 8:12 am
NDFB

ওদালগুৰি জিলাৰ টংলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এগৰাকী সন্দেহযুক্ত এন ডি এফ বি(এছ) গোটৰ লিংক মেনক আটক কৰে।

সন্দেহযুক্ত লিংক মেন গৰাকীক মঙলবাৰে সন্ধিয়া টংলা ৰে’লৱে ষ্টেশ্যনৰ পৰা আটক কৰা হয়।

আটক হোৱা লিংক মেন গৰাকী বাক্সা জিলাৰ বৰবৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰদৌলা গাঁৱৰ ৰাজু বড়ো(২৯) বুলি চিনাক্ত কৰা হৈছে।

অভিযানৰ সময়ত আৰক্ষীয়ে ৰাজুৰ বড়োৰ পৰা এটা .২২ পিষ্টল জব্দ কৰে।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গুৱাহাটীৰ বেলতলা অঞ্চলৰ পৰা মেদলা বসুমতাৰী(৩১) নামৰ আন এগৰাকী লোককো আটক কৰিছে।

মেদলা বসুমতাৰী ওদালগুৰি জিলাৰ দিমাকুছি আৰক্ষী চকীৰ অন্তৰ্গত দাৰুগাচুবাৰ বাসিন্দা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে বুলি নৰ্থ-ইষ্ট নাওক জনাইছে।

উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তত অসম আৰক্ষী আৰু সেনা বাহিনীয়ে চলোৱা যুটীয়া অভিযানত অস্ত্ৰ-শস্ত্ৰৰে সৈতে এগৰাকী এন ডি এফ বি(এছ) কেডাৰ আটক হৈছিল।