NORTHEAST NOW (Assamese)
অসম

অসমৰ মানুহক মুখ্য মন্ত্ৰীয়ে বুৰ্বক বুলি ভাবিব নালাগে : প্ৰদ্যুৎ বৰদলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 26, 2019 5:54 pm

‘শিলে সাৰ পোৱাৰ দৰে কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল দি উন্নয়নৰ জয়গান গালে আচলতে আমাৰ দেশত অৰ্থনীতি এনেদৰে বিধ্বস্ত হ’ব ধৰিছে সেয়া সকলোৱে জানে। অসমৰ মানুহক মুখ্য মন্ত্ৰীয়ে বুৰ্বক বুলি ভাবিব নালাগে।’ এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।

নগাঁৱৰ সাংসদ গৰাকীয়ে আজি এক সংবাদমেল পাতি কয় যে, ‘ভাৰতৰ জি ডি পি ১২ শতাংশ হ’লেহে ৫ ত্ৰিলীয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰিব। এতিয়া ২০০০ তকৈ বেছি অট’ মোবাইল চেক্টৰৰ ডিলাৰ বন্ধ হৈছে আৰু লাখ লাখ কৰ্মচাৰীৰ চাকৰি গৈছে।‘

‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱাৰ দৰেই যদি সকলোৰে উন্নতি হৈছে তেন্তে কিয় কৰ্ম সংস্থাপন নাইকিয়া হৈছে?, বস্তুৰ মূল্য কিয় বৃদ্ধি পাইছে?’ বুলি বৰদলৈয়ে সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে।

সংবাদমেলত সাংসদ গৰাকীয়ে এডভাণ্টেজ আছামৰ কথা উল্লেখ কৰি কয় যে, ‘এডভাণ্টেজ আছামৰ ১ লাখ কোটি টকাৰ বিনিয়োগ ক’ত গ’ল? ৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে বুলি যে মুখ্য মন্ত্ৰীয়ে ক’লে সেয়া ক’ত ক’ত বিনিয়োগ হ’ল।’

‘মই মাজে মাজে কোন কোন কোম্পানীয়ে কিমান বিনিয়োগ কৰিছে ইয়াৰ তথ্য বিচাৰিছিলো যদিও কোনেও নিদিলে।’ মন্তব্য বৰদলৈৰ।

লগতে সাংসদ গৰাকীয়ে ‘এন আৰ এল প্ৰজেক্টটো এডভাণ্টেজ আছামৰ পাছত হোৱা নাই। এইটো এটা চলি থকা প্ৰক্ৰিয়া। সেইটোত এডভাণ্টেজ আছামৰ ধন বিনিয়োগ হোৱা বুলি দেখুৱাব নালাগে।’ বুলিও উল্লেখ কৰে।

‘ব্যক্তিগত খণ্ডৰ ৪০ শতাংশ উদ্যোগ বন্ধ হৈ গৈছে সেয়া মুখ্য মন্ত্ৰীয়ে গম পাইছে নে? ৩৫ শতাংশ কৰ্মচাৰীয়ে চাকৰি হেৰুৱালে মুখ্য মন্ত্ৰীয়ে খবৰ কৰিছে নে? পতঞ্জলীক মাটি দিছিল যে উৎপাদনৰ কাম অসমত আৰম্ভ হ’ল নে?’ বৰদলৈয়ে কয়।

নিবনুৱা কিমান আছে অসমত? তেওঁলোকে এই তথ্য আৰ টি আই কৰিলেও নিদিয়ে বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে, ‘নতুন কৰ্মচাৰী কিমান সৃষ্টি হৈছে মুখ্য মন্ত্ৰীৰ পৰা বিচাৰিছো, কিমান লোকে কৰ্ম সংস্থাপন হেৰুৱালে আমাক জনাব লাগে। আচলতে কালি তেওঁ কি কৈছিল আৰু প্ৰকৃত সত্যটো অসমৰ ৰাইজক জনাব লাগে।’

আনহাতে সংবাদমেলত উপস্থিত থকা দুৰ্গা দাস বড়োয়ে কয়লা ছিণ্ডিকেটৰ কথা উল্লেখ কৰি কয়, ‘আজিৰ পৰা ১৩ দিন আগতে কয়লা ছিণ্ডিকেটৰ ওপৰত তথ্য ৰাজহুৱা কৰিছিলো, কয়লা ছিণ্ডিকেটত জড়িত ১৯ জন লোকৰ নাম দিলো, কিন্তু আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে এজনকো।’

‘মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চমুৱাই নিজৰ পুত্ৰ প্ৰিন্স চমুৱাক কয়লা ছিণ্ডিকেটত জড়িত কৰাইছে। প্ৰিন্সৰ নামত ৬ খন গেছ ক্ৰেকাৰ, ১৪ খন কয়লা কঢ়িওৱা বাহন, লখৰাত ৬ মহলীয়া বিল্ডিং আছে। যদি ছিণ্ডিকেট নাথাকে তেন্তে এইবোৰ সম্পত্তি নাথাকিলেহেতেন।’ দাসে কয়।

লগতে দসে কয় যে, ‘মুখ্য মন্ত্ৰীয়ে এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁৰ ওপৰত সন্দেহৰ আঙুলি টোঁৱাবলৈ বেছি সময় নালাগিব।’