NORTHEAST NOW (Assamese)
অসম

জাতিঙ্গাত পৰিভ্ৰমী চৰাইৰ আগমন, ভিৰ বাঢ়িছে পৰ্যটকৰ

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব September 27, 2019 10:47 am
1 67T7pxq0rCMudzbWWuJJrg32

প্ৰকৃতিৰ দীৰ্ঘ শতিকা জোৰা পৰম্পৰা ৰক্ষা কৰি পাৰ্বত্য ডিমা হাচাও জিলাৰ জাতিঙ্গাত আহিবলৈ ধৰিছে পৰিভ্ৰমী চৰাই। যোৱা কেইবা দিন ধৰি জাতিঙ্গা গাঁওৰ একাধিক ঠাইত চৰাই অহাৰ খবৰ পোৱা গৈছে।

স্থানীয় গাঁৱবাসী এক্সট্ৰানেল চিয়াঙচাইয়ে দিয়া তথ্য অনুসৰি অতীতৰ তুলনাত এতিয়া জাতিঙ্গাত চৰাই অহাৰ সংখ্যা বহু গুণে হ্ৰাস পাইছে।

উল্লেখ্য যে জাতিঙ্গা পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ কাৰণে ইতিমধ্যে বিশ্ব বিখ্যাত হৈ পৰিছে। কিন্তু বাস্তৱত জাতিঙ্গাত পৰিভ্ৰমী চৰাইবোৰে আত্মহত্যা কৰে বা কৰিবলৈ অহা কথাটো সঁচা নহয়। ই এক বনোৱা গল্পহে।

জাতিঙ্গাত পৰিভ্ৰমী চৰাইক হত্যা কৰা হয়। স্থানীয় ৰাইজেই এই চৰাই হত্যাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

২০১৭ চনত অনুৰূপ চৰাই হত্যাকলৈ জিলা প্ৰশাসনৰ উপৰি বন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল য’ত দেশী আৰু বিদেশী দুগৰাকী ব্যক্তি পৰোক্ষভাৱে জড়িত আছিল। সেই বহিৰাগত ব্যক্তিদ্বয়ৰ প্ৰৰোচনাত জাতিঙ্গাত চৰাই হত্যা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছিল।

Jatinga Bird 567
জাতিংগালৈ অহা এটা পৰিভ্ৰমী চৰাই। ফটো : নৰ্থইষ্ট নাও

প্ৰকৃততে জাতিঙ্গাত অমাৱস্যা বা তাৰ আগৰ এন্ধাৰৰ উপৰি ঘন কুঁৱলীৰ নিশা পৰিভ্ৰমী চৰাইবোৰ আহে। ৰাতিৰ এন্ধাৰত পোহৰৰ উৎস দেখাৰ লগে লগে চৰাইবোৰ সেইফালে গতি কৰে। তেতিয়াই চৰাইবোৰক মাৰি পেলোৱা হয়।

যোৱা মংগল আৰু বুধবাৰে নিশা একাধিক প্ৰজাতিৰ চৰাই অহাৰ কথা জানিব পৰা গৈছে।

ইপিনে জাতিঙ্গাত চৰাই অহাৰ প্ৰতি লক্ষ্য ৰাখি হাফলঙত দেশী-বিদেশী পৰ্যটক লাহে লাহে আহিবলৈ ধৰিছে। অবশ্যে, পাৰ্বত্য জিলাৰ সামিগ্ৰক যোগাযোগ ব্যৱস্থাৰ উন্নত হোৱাত এতিয়া গোটেই বছৰ জুৰি পৰ্যটকৰ অহা যোৱা চলি থকাৰ বিপৰীতে ছেপ্টেম্বৰৰ পৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে।

জাতিঙ্গা গাঁৱৰ জ্যেষ্ঠ নাগৰিক এক্সট্ৰানাল চিয়াঙচাইয়ে কয় যে অতীতৰ তুলনাত জাতিঙ্গাত পৰিভ্ৰমী চৰাই অহাৰ সংখ্যা হ্ৰাস পাইছে।

ব্ৰডগজ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম আৰম্ভ হোৱাত জাতিঙ্গা আৰু ইয়াৰ নিলগত অধিক ক্ষমতা সম্পন্ন পোহৰ জ্বলি উঠাৰ উপৰি যানবাহনৰ সংখ্যা বৃদ্ধি পোৱাত কোলাহল মুখৰ হৈ পৰে জাতিঙ্গা।

আনহাতে, পৰিবৰ্তিত জলবায়ুৰ কাৰণেও পৰিভ্ৰমী চৰাই অহাৰ সংখ্যা হ্ৰাস পাইছে।