NORTHEAST NOW (Assamese)
অৰুণাচল

ভুটানত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনা, দুজন থিতাতে নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2019 6:00 pm

ভাৰতীয় সেনাৰ হেলিকপ্তাৰ এখন শুকুৰবাৰে ভুটানত দুৰ্ঘটনাত পতিত হৈছে আৰু দুগৰাকী আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে।

মৃত এজনক ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্নেল ৰাজনীশ পাৰ্মাৰ আৰু আনজনক ৰয়েল ভুটান আৰ্মিৰ কেপ্তেইন কালজাং ৱাংদি বুলি চিনাক্ত কৰা হৈছে।

হেলিকপ্তাৰখন ভুটানৰ ত্ৰেশ্বিগেঙৰ য়নফুলাৰ খেন্তংমেনি পাহাৰত খুন্দা মাৰি ধ্বংস হৈছে।

খবৰ মতে, য়নফুলাত অৱতৰণৰ বাবে আগবঢ়া হেলিকপ্তাৰখনে খেন্তংমেনি পাহাৰত খুন্দা মাৰে।

ঘটনাটোৰ সময়ত ঘন কুঁৱলিৰ বাবে দৃশ্যসাধ্যতা কম আছিল বুলি জানিব পৰা গৈছে।

ভুটিয়া সেনা বিষয়াজনে ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল।

ভুটানৰ য়ংফুলাৰ সমীপত দিনৰ ১ বজাত ভাৰতীয় সেনাৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাত পতিত হৈছে। ১ বজাৰ পিছতে হেলিকপ্তাৰখনে ৰে’দিঅ‘ সংকেত আৰু বিজুৱেল কন্তেক্ত হেৰুৱায়,প্ৰতিৰক্ষা মুখপাত্ৰ কৰ্নেল আমান আনন্দে জনায়।

হেলিকপ্তাৰখনৰ অৱশিষ্টৰ সন্ধানত য়ংফুলাত ইতিমধ্যে সেনাই অভিযান আৰম্ভ কৰিছে আৰু ধ্বংসাৱশেষৰ সন্ধান পাইছে।