NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত হঠাতে বাতিল লিডু-গুৱাহাটী অভিমুখী ইণ্টাৰচিটি ৰে’ল; যাত্ৰীৰ মাজত হাহাকাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 27, 2019 8:23 pm

আজি হঠাতে বাতিল হ’ল অসমৰ পূব সীমান্তৰ অন্তিমটো ৰেল ষ্টেচন লিডুৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰা ১৫৬০৪ নম্বৰৰ ইন্টাৰচিটি ৰে’লখন। লিডুৰ পৰা সঠিক সময়ত ট্ৰেইনখনে যাত্ৰা কৰি আহি থমকি ৰয় ট্ৰেইনখন।

ইফালে ৰে’ল কৰ্তৃপক্ষই যাত্ৰী সকলক ৰেল যাত্ৰা বাতিলৰ কথা জানিবলৈ দিয়াত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ৰেল বিভাগৰ এই টোগলকী কাণ্ডত ক্ষুণ্ণ হৈ পৰে যাত্ৰীসকল। বিশেষকৈ দূৰণিবটীয়া যাত্ৰীসকলে মূৰে-কপালে হাত দিছে এই ৰেল যাত্ৰা বাতিলৰ পাছত।

এইদৰে আগতীয়া কোনো জাননী নিদিয়াকৈ ৰে’লখনৰ যাত্ৰা বাতিল কৰাৰ কাৰণ লামডিঙত ৰে’লৱে ট্ৰেকত হোৱা বিসংগতি বুলি সাংবাদিকক জানিবলে দিয়ে ৰে’লৱে ষ্টেশ্যনৰ মাষ্টাৰ গৰাকীয়ে।

ইফালে ৰে’ল কৰ্তৃপক্ষৰ এই ধৰণৰ অবিবেচকী কাণ্ডৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে একাংশ যাত্ৰী ।