NORTHEAST NOW (Assamese)
অসম

বিশ্ব পৰ্যটন দিৱসত ‘আমাৰ আলহী’ পৰ্যটন আঁচনি উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2019 10:30 pm
Chief Minister Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি ‘আমাৰ আলহী’ নামৰ এখন আঁচনি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে।

মুখ্য মন্ত্ৰীয়ে এই অনুষ্ঠানতে মাজুলী, নলবাৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবে এক লগ’ আনুষ্ঠানিক ভাবে উন্মোচন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে আমাৰ দেশৰ বাবে এইটো অতি সৌভাগ্যৰ বিষয় যে এই বছৰ ভাৰতে বিশ্ব পৰ্যটন দিৱসৰ উদ্যোক্তা দেশ হিচাপে বিশ্ব পৰ্যটন দিৱস পালন কৰিছে।

তেওঁ লগতে কয় যে এই বছৰৰ বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয় বস্তু হ’ল টুৰিজিম এণ্ড জবচ, এ বেটাৰ ফিউচাৰ ফৰ অল।

পৰ্টনৰ জৰিয়তে সমগ্ৰ বিশ্বই আজি অধিক সংখ্যক জনসাধাৰণক নিয়োজিত কৰি আৰ্থিকভাৱে অধিক লাভান্বিত হোৱাৰ কৌশল ৰচনা কৰিছে বুলি উল্লেখ কৰি সোণোৱালে এই ক্ষেত্ৰত অসমৰ জনসাধাৰণো পিছ পৰি থাকিলে নহ’ব বুলি কয়।

বিশ্বৰ বুকুত অসমক আকৰ্ষণীয় পৰ্যটন থলী হিচাপে গঢ়ি তুলিবৰ বাবে সকলোৱে একেলগে ওলাই আহিব লাগিব বুলিও সোণোৱালে কয়।

আনহাতে, অসম চৰকাৰে গ্ৰহণ কৰা ডিজিটেল প্ৰচাৰ, আন্তঃগাথনিৰ উন্নয়ন আদিৰ বাবে  ব্যৱস্থা সমূহৰ বাবে ৰাজ্যত বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি মুখ্য মন্ত্ৰীয়ে কয়।