NORTHEAST NOW (Assamese)
অসম

নাগা শান্তি আলোচনা সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা ৰাজ্যপাল আৰ এন ৰবিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2019 8:07 am
RN Ravi and Amit Shah

এন এছ চি এন (আই এম)ৰ সৈতে চূড়ান্ত নাগা চুক্তি সন্দৰ্ভত নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে নতুন দিল্লীৰ নৰ্থ ব্লকত এক আলোচনাত মিলিত হয়।

বিভাগীয় সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে, ৰাজ্যপাল ৰবিয়ে অমিত শ্বাহক নাগালেণ্ডৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।

ৰাজ্যপাল ৰবি আৰু গৃহ মন্ত্ৰীয়ে বৈঠকত নাগা শান্তি আলোচনাৰ চূড়ান্ত চুক্তি সন্দৰ্ভত আলোচনা কৰে।

কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন(আই এম)ৰ মাজত খ্ৰীষ্টমাছৰ পূৰ্বে চূড়ান্ত চুক্তি স্বাক্ষৰ কৰা হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

প্ৰাক্তন কূটনীতিজ্ঞ আৰ এন ৰবিয়ে ভাৰত চৰকাৰ আৰু এন এছ চি এন(আই এম)ৰ মাজৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছে।

বিগত প্ৰায় দুটা দশক ধৰি ভাৰত-নাগা শান্তি আলোচনা অব্যাহত আছে।