NORTHEAST NOW (Assamese)
অসম

প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ চৰকাৰী গাঁওবুঢ়াৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 28, 2019 10:53 am

বোকাখাতত এজন গাঁওবুঢ়াই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ কাৰ ঘটনাই বোকাখাতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বোকাখাতৰ কুমাৰণী আটি গাঁৱৰ গাঁওবুঢ়া নৰেণ দাসৰ বিৰুদ্ধে স্থানীয় এজন দৰিদ্ৰ কৃষক ম’চ মুণ্ডাই তেওঁৰ পৰা ৭৫ হাজাৰ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে বিগত সময়ত বোকাখাতৰ কুমাৰণী আটি গাঁৱৰ ম’চ মুণ্ডা নামৰ এজন লোকৰ ঘৰটো প্ৰচণ্ড ধুমুহাই বিধ্বস্ত কৰি পেলায়।

পিছত ম’চ মুণ্ডাই চৰকাৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগ ক্ষতিপূৰণৰ শিতানত ৯৫ হেজাৰ টকা লাভ কৰে। আৰু এই ধন ৰাশি মুণ্ডাৰ ইউনাইটেড বেঙ্কৰ বোকাখাত শাখাত থকা একাউন্টত জমা হয়।

কিন্তু ধন জমা হোৱাৰ খবৰ পোৱাৰ আগতেই চৰকাৰী গাওঁবুঢ়া নৰেণ দাসে অতি কৌশলেৰে ম’চ মুণ্ডাৰ পাচবুক আৰু এ টি এম কাৰ্ড আত্মসাৎ কৰে।

পিছত যেতিয়া মুণ্ডাই তেওঁ নামত অহা ক্ষতিপূৰণৰ ধনৰ বিষয়ে গম পাই তেতিয়া গাওঁবুঢ়ক পাচবুক আৰু এটিএম কাৰ্ড ঘূৰাই দিয়াৰ বাবে অনুৰোধ জনায়।

কিন্তু গাঁওবুঢ়া জনে মুণ্ডাক পাচবুক আৰু এ টি এম কাৰ্ডৰ বিপৰীতে নগদ ২০ হেজাৰ টকাহে দিয়ে। পাচত বাকী টকা বিচাৰি গাওঁবুঢ়াৰ ওচৰলৈ যোৱাত পাচবুক আৰু এ টি এম কাৰ্ড ম’চ মুণ্ডাক ঘূৰাই দিয়ে ৷

পাচবুক আৰু এ টি এম কাৰ্ড পোৱাৰ পাচত ম’চ মুণ্ডাই বেংকত পৰীক্ষা কৰাত তেওঁৰ একাউণ্টত মাত্ৰ ২৫২  টকাহে পায় ৷

ফলত মুণ্ডাই বোকাখাত থানাত গাঁওবুঢ়া নৰেণ দাসে ৭৫ হেজাৰ টকা তেওঁৰ পাচবুকৰ পৰা উঠাই নিয়ে বুলি অঅভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।

আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে গাওঁবুঢ়াই। এইয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে গাওঁবুঢ়াই নৰেণ দাসে।

অৱশ্যে ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ম’চ মুণ্ডাৰ পাচবুকৰ পৰা অন্তৰ্ধান হোৱা ধনৰ ৰহস্য।

ইফালে নৰেণ দাসক চৰকাৰী গাওঁবুঢ়া পদৰ পৰা শীঘ্ৰেই অপসাৰিত কৰিবৰ বাবে কুমাৰণী আটি গাঁৱৰৰ ৰাইজে দাবী তুলিছে ৷