NORTHEAST NOW (Assamese)
অসম

অৰুণাচলত থকা ভাৰত-চীন সীমান্তত কোনোধৰণৰ সমস্যা নাই : কিৰেণ ৰিজিজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2019 10:40 am
Kiren Rijiju

‘‘অৰুণাচল প্ৰদেশত ভাৰত-চীন সীমান্তত কোনোধৰণৰ সমস্যা নাই,’’ বেংগালুৰুত শুকুৰবাৰে এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই।

ৰিজিজুই তাৰোপৰি অৰুণাচলত থকা ভাৰত সীমান্ত সম্পূৰ্ণ ৰূপে সুৰক্ষিত বুলি উল্লেখ কৰি ভাৰতীয় সেনা বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰতি ইঞ্চি ভাৰত ভূমিৰ ৰক্ষণাবেক্ষণ দি আছে বুলি কয়।

‘‘প্ৰকৃত সীমা নীতি নথকা বাবে কেতিয়াবা চীনা সৈন্য আমাৰ ভূমিত অনুপ্ৰৱেশ কৰে আৰু কেতিয়াবা আমাৰ সৈন্য চীনৰ ভূমিত প্ৰৱেশ কৰিলে চীনে ইয়াক অনুপ্ৰৱেশ বুলি কয়’’ ৰিজিজুই উল্লেখ কৰে।

অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাৱে চীনা সৈন্যই ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি অৰুণাচলৰ অঞ্জাও জিলাৰ সীমান্ত অঞ্চলত দলং নিৰ্মাণ কৰি থকা অভিযোগৰ উত্তৰ দি এনেদৰে কয় ৰিজিজুৱে।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত প্ৰায় ৪০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে যাক বৰ্তমানো নিৰ্দিষ্টভাৱে সীমাংকন কৰা হোৱা নায়।

যাৰ ফলশ্ৰুতিত দুয়ো পক্ষৰ সেনাই ভুল বশত দুয়োখন দেশৰ ভূমিত অনুপ্ৰৱেশ কৰিবলগীয়া হয়।