NORTHEAST NOW (Assamese)
অসম

সকাহ!পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ সময় সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2019 9:35 pm
images 2

চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স (CBDT)এ পান কাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে।

এতিয়া যিকোনো ব্যক্তিয়ে ৩১ ডিচেম্বৰ, ২০১৯’ৰ ভিতৰত পান কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ কৰিব পাৰিব।

ইয়াৰ পূৰ্বে পান কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ কৰা হৈছিল।

ed9be3eb-b052-4c96-8026-be45818a2dd5 23

কিছুদিন পূৰ্বে আয়কৰ বিভাগে পান কাৰ্ড আৰু আধাৰৰ সংযোগ বাধ্যতামূলক কৰিছিল। তদুপৰি, কেইবাবাৰো পান আৰু আধাৰ সংযোগৰ সময়সীমাৰ পৰিৱৰ্তন কৰা হৈছিল।

বিগত জুলাই মাহত বাজেটৰ সময়ছোৱাত পান আৰু আধাৰৰ সংযোগৰ ক্ষেত্ৰত  পৰিৱৰ্তনৰ কথা ঘোষণা কৰা হৈছিল।

আনহাতে, পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ নকৰিলে পান কাৰ্ড বাতিল কৰা হ’ব বুলিও সদৰী কৰা হৈছিল।

পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু বহুতৰ বাবে কিছু শংকাৰো সৃষ্টি কৰিছিল।

সদ্যহতে, কেন্দ্রীয় চৰকাৰৰ বিত্ত বিভাগৰ চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স (CBDT)এ পান কাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰি সকলোকে কিছু পৰিমানে হ’লেও সকাহ দিয়া পৰিলক্ষিত হৈছে।