NORTHEAST NOW (Assamese)
অসম

ঘোচ লোৱা দৃশ্যৰ ভিডিঅ’ ভাইৰেল; হোজাইত দুজন আৰক্ষী জোৱানক নিলম্বন

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা September 28, 2019 10:23 pm
SP Ankur Jain

এজন লোকৰ পৰা ঘোচ লোৱাৰ দৃশ্য বন্দী হোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত হোজাই আৰক্ষীয়ে দুজন আৰক্ষী জোৱানক নিলম্বন কৰিছে।

আৰক্ষীৰ ছ’চিয়েল মিডিয়া চেলৰ হাতত পৰা ভিডিঅ’টো বিশ্লেষণ কৰাৰ পিছতে উদালি আৰক্ষী থানাৰ আবজল হুছেইন নামৰ কনিষ্টবলজনক নিলম্বন কৰা হয়।

পিছত ছ’চিয়েল মিডিয়া চেলে আন এটা ভিডিঅ’ লাভ কৰে, য’ত জিলা বিশেষ শাখাৰ এজন কনিষ্টবল অতুল বনিয়াকো একেদৰেই অন্যায়ভাৱে ধন লোৱা দেখা যায়।

ভিডিঅ’ দুটা চালিজাৰি চোৱাৰ পিছত দুয়োজনকে নিলম্বন কৰাৰ সিদ্ধান্ত লয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই।

আজি এখন সংবাদমেল যোগে জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰক্ষী জোৱান দুজনক নিলম্বন কৰাৰ কথা জানিবলৈ দিয়ে।

“অতিৰিক্ত আৰক্ষী অধীক্ষক এছ পি সুমন চক্ৰবৰ্তীয়ে দুয়োটা বিষয়ৰ অনুসন্ধান কৰি আছে। ইতিমধ্যে ভুক্তভোগী আৰু আৰক্ষী জোৱানকেইজনৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। এই অবৈধ কাৰ্য্যকলাপত যেই জড়িত আছে, আইন অনুসৰি শাস্তি পাব”, সংবাদমেলত জৈন কয়।

আৰক্ষী অধীক্ষকজনে হোজাই আৰক্ষী “শূন্য দুৰ্নীতি” নীতি জাৰি ৰাখিবৰ বাবে বদ্ধপৰিকৰ বুলি জানিবলৈ দি কয়, “আমি ৰাইজৰ সুবিধাৰ্থে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাতে অভিযোগ বাকচ স্থাপনৰ কথা চিন্তা কৰি আছো। নিজৰ নাম প্ৰকাশ কৰিবলৈ ইচ্ছা নকৰা বা ভয়তে অভিযোগ নকৰাসকলৰ বাবে ই এটা ডাঙৰ সুবিধা হ’ব”।

সংবাদমেল আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া মতে, শুকুৰবাৰৰ ৰাতি বিশেষ সূত্ৰৰ পম খেদি এছ আই টিৰ এটা দলে ডবকা নগৰত মজুমদাৰ ড্ৰাগছ এণ্ড ডিষ্ট্ৰিবিউটৰ নামৰ ঔষধৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানটোত অভিযান চলোৱা হয়। অভিযানৰ সময়ত আৰক্ষীয়ে বহুকেইবিধ নিষিদ্ধ ঔষধৰ (Sampex+ capsule, Qrex cough syrup, Nitrosun tablets) বৃহৎ পৰিমাণৰ কেপছুল, টেবলেট আৰু ছিৰাপৰ বটল জব্দ কৰিছে।