NORTHEAST NOW (Assamese)
অসম

অসম ৰাজ্যৰ আজৱ কাণ্ড : এবছৰৰ মূৰত RTI আৱেদনৰ উত্তৰ আহিল ফাইল হেৰাল বুলি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 29, 2019 8:45 pm
RTI-Story-Images

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দায়িত্বত থকা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ এটা আজৱ কাণ্ডৰ কথা পোহৰলৈ আহিছে।

এজন আৰ টি আই কৰ্মীয়ে বিভাগটোত কিছুমান তথ্য বিচাৰি দিয়া আৱেদনৰ উত্তৰ দিবলৈ বিভাগটোৱে ল’লে প্ৰায় এবছৰ সময়।

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫-ৰ নিয়ম হ’ল এই আইনৰ অধীনত কৰা তথ্য বিচৰাৰ আৱেদনৰ উত্তৰ ৩০ দিনৰ ভিতৰত দিব লাগে।

আৰ টি আই কৰ্মী দিপুলজ্যোতি হাজৰিকাই যোৱা বছৰৰ ১০ ছেপ্টেম্বৰত বিভাগটোৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰি আৱেদন কৰিছিল।

হাজৰিকাই বিভাগটোত কৰ্মৰত যুটীয়া সঞ্চালক মৌচুমী সেনৰ “সহকাৰী সঞ্চালক” আৰু “উপ-সঞ্চালক” পদলৈ হোৱা পদোন্নতিকে ধৰি সকলোবোৰ বিভাগীয় পদোন্নতিৰ বাবে বিভাগীয় পদোন্নতি কমিটিয়ে (departmental promotion committee) প্ৰস্তুত কৰা কাৰ্য্যবিৱৰণিৰ (minutes)ৰ প্ৰতিলিপি বিচাৰিছিল।

কিন্তু বিভাগটোৱে সংশ্লিষ্ট আইনখনৰ প্ৰতি চৰম অৱজ্ঞা প্ৰদৰ্শন কৰি ৩০ দিন পাৰ হৈ যোৱাৰ পিছতো হাজৰিকাৰ আৱেদনখনৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে।

৯০ দিন পাৰ হোৱাৰ পিছতো কোনো উত্তৰ নাপাই হাজৰিকা অৱশেষত অসম তথ্য আয়োগৰ কাষ চাপে।

হাজৰিকাক তথ্য দিবৰ বাবে আয়োগে নিৰ্দেশ দিয়াত অৱশেষত বিভাগটোৱে মৌচুমী সেনৰ “সহকাৰী সঞ্চালক” আৰু “উপ-সঞ্চালক” পদলৈ হোৱা পদোন্নতি দুটাৰ বাবে বিভাগীয় পদোন্নতি কমিটিয়ে (departmental promotion committee) প্ৰস্তুত কৰা কাৰ্য্যবিৱৰণিৰ (minutes) ফাইল বিচাৰি পোৱা নগ’ল বুলি উত্তৰ দিয়ে।

যোৱা ৯ ছেপ্টেম্বৰতহে, অৰ্থাৎ আৱেদন দাখিলৰ প্ৰায় এবছৰৰ মূৰতহে বিভাগটোৱে এইদৰে উত্তৰ দিয়ে হাজৰিকাক।

হাজৰিকাই জনোৱা মতে ১৯৯৩ চনত মৌচুমী সেনে বিভাগটোৰ অধীক্ষক হিচাপে যোগদান কৰিছিল। ২০০৬ চনত সহকাৰী সঞ্চালক পদলৈ আৰু তাৰ পাছত তেওঁ উপ-সঞ্চালক পদলৈ পদোন্নতি লাভ কৰে।

“পদোন্নতিৰ কোনো কাৰ্য্যবিৱৰণি নথকাকৈ কেনেকৈ পদোন্নতি বৈধ হ’ব পাৰে” বুলি মন্তব্য কৰি আৰ টি আই কৰ্মীজনে ইয়াত “বহু কিবাকিবি বিভাগীয় খেলিমেলি”ৰ ইংগিত দেখা পোৱা বুলি কয়।

“সেনৰ পদোন্নতি সন্দেহৰ আৱৰ্তত আহিব লগীয়া এটা বিষয়”, নৰ্থ-ইষ্ট নাওৰ আগত হাজৰিকাৰ মন্তব্য।

যোৱা ২৩ ছেপ্টেম্বৰত হাজৰিকাই এই সমগ্ৰ বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ লগতে এনে কাৰ্য্যৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ পৰা উচিত তদন্ত দাবী কৰে।

ইপিনে, নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা বিভাগটোৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাক এই বিষয়ে জানিবলৈ ফোন কৰা হৈছিল যদিও ফোনত সঁহাৰি পোৱা নগ’ল।