NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰে গৃহীত হ’ব নাগৰিকত্ব বিধেয়ক : পশ্চিমবংগত শ্বাহৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2019 11:00 am

‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি শৰণাৰ্থী সকলক দেশৰ অন্য নাগৰিকৰ দৰে সকলো সা-সুবিধা প্ৰদান কৰিব’। এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

মঙলবাৰে কলকাতাৰ এখন জনসভাত অংশ লৈ গৃহ মন্ত্ৰী গৰাকীয়ে এন আৰ চিৰ আগতেই নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

‘কিমান সংখ্যক বিৰোধীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে সেয়া এতিয়া গুৰুত্বপূৰ্ণ নহয় কিয়নো মোদী চৰকাৰে এই বিধেয়কখন গৃহীত কৰি শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিবই’। এই মন্তব্য শ্বাহৰ।

ইফালে অনুপ্ৰৱেশকাৰী সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৃহ মন্ত্ৰী গৰাকীয়ে কয়, ‘কোনো দেশে কোটি কোটি অনুপ্ৰৱেশকাৰীৰ বোজা ব’ব নোৱাৰে। ইয়াৰ বাবে এন আৰ চি প্ৰস্তুত হ’বই লাগিব’।

এন আৰ চিৰ তীব্ৰ বিৰোধিতা কৰা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ কথা উল্লেখ কৰি গৃহ মন্ত্ৰী শ্বাহে স্পষ্ট কৰি কয়, ‘পশ্চিম বংগত এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰে’।

ইফালে কোনো ৰাজনৈতিক দলে হিন্দু, বৌদ্ধ শৰণাৰ্থীসকলৰ কাকো দেশ এৰি যাবলৈ বাধ্য কৰিব নোৱাৰে বুলিও শ্বাহে মন্তব্য কৰে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অহা উত্তৰ-পূবৰ অধিকাংশ চৰকাৰ তথা দল-সংগঠনে অমিত শ্বাহৰ মন্তব্যক কেনেধৰণে গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।