NORTHEAST NOW (Assamese)
অসম

গান্ধী জয়ন্তী : শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে শুভাৰম্ভণি কৰিলে প্লগিং কাৰ্যসূচীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 2, 2019 2:28 pm
IMG-20191002-WA0016

মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে আজি পুৱা ৭ বজাত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা এক জিলা পৰ্য্যায়ৰ  ফিট ইণ্ডিয়া প্লগিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

প্লগিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সাংসদ গৰাকীয়ে ১৫০ তম জন্ম জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ সকলোকে গান্ধীজীৰ মত-আদর্শ সাৰোগত কৰি স্বচ্ছতাক দৈনন্দিন জীৱনৰ অংশৰূপে আঁকোৱালি লবলৈ আহ্বান জনায়।

নিজ বক্তব্যত তেওঁ সুস্থ আৰু নিৰোগী জীৱন ধাৰণৰ বাবে সকলোকে সচেষ্ট হ’বলৈ আৰু স্বাস্থ্যৰ যত্ন লবলৈ উৎসাহিত কৰে। প্লাষ্টিকৰ কুপ্ৰভাৱ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ সকলো অংশগ্ৰহণকাৰীক আগবাঢ়ি আহিবলৈ কয়।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই প্লগিঙৰ উপকাৰীতা আৰু স্বাস্থ্য আৰু স্বচ্ছতাৰ দিশত ইয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ সকলোকে প্লগিঙক দৈনিক অভ্যাসৰূপে গঢ় দিয়াৰ পোষকতা কৰে।

আজিৰ প্লগিং কাৰ্যসূচীত আৰক্ষী অধীক্ষক অমিতাভ সিনহাইও যোগদান কৰে। লগতে, জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, আৰক্ষীৰ বিষয়া-জোৱান, সামাজিক সংগঠন, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু সাধাৰণ ৰাইজে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ লয়।

প্লগিং কৰোতে অংশগ্ৰহণকাৰী সকলে দৌৰাৰ সমান্তৰালকৈ প্লাষ্টিক আৰু অন্যান্য জাৱৰ সমূহ বুটলি স্বচ্ছতা বাৰ্তা প্ৰেৰণ কৰা দেখা যায়।

তদুপৰি প্লগিঙৰ শেষত পুৰণি জিলা পৰিষদ কাৰ্য্যালয় প্ৰাংগণত আয়োজিত গান্ধী জয়ন্তীৰ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰে।

সাংসদ গৰাকীৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য সকলে পুৰণি জিলা পৰিষদ কাৰ্য্যালয় প্ৰাংগণত স্থাপিত গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।