NORTHEAST NOW (Assamese)
অসম

গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি; অচল নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ কামকাজ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 4, 2019 7:32 am
IMG-20191003-WA0140

সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ  ঠিকাভিত্তিক কৰ্মচাৰী সকলে ১ অক্টোবৰৰ  পৰা সমগ্ৰ অসমতে  কৰ্মবিৰতি পালন কৰাৰ  ফলত ৰাজ্যজুৰি স্তব্ধ হৈ পৰিছে খণ্ড উন্নয়ন বিষায়ৰ কাৰ্যালয়ৰ কাম কাজ ।

সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকা ভিত্তিক কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ অনুসৰি নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়তো গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰিছে ৷

যোৱা ১ অক্টোবৰৰ পৰা পালন কৰি অহা এই কৰ্মবিৰতি অহা ৪ তাৰিখ, ৯ তাৰিখ আৰু ১০, ১১ অক্টোবৰ তাৰিখেও পালন কৰিব বুলি কৰ্মচাৰীসকলে সদৰী কৰিছে।

এই সময়সীমাৰ ভিতৰত চৰকাৰে এওঁলোকৰ দাবী পূৰণ নকৰিলে অনির্দিষ্ট কাললৈ কৰ্ম বিৰতি পালন কৰিব বুলিও বৃহস্পতিবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুৰি সম মানৰ কামৰ বাবে সম মানৰ বেতন প্ৰদান কৰা, দৰমহা বৃদ্ধি কৰা, চাকৰি নিয়মীয়াকৰণ কৰা আৰু এইচ আৰ  প’লিচি প্ৰযোজ্য কৰাৰ দাবীত পালন কৰা হৈছে এই কৰ্ম বিৰতি।

ইপিনে, নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়তো গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত সম্প্ৰতি নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ সমস্ত কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰিছে।

কৰ্ম বিৰতিৰ ফলত সৰ্বসাধাৰণ ৰাইজেও যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া  হৈছে।