NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৰিঙত নামিত অসমৰ যমুনা বড়ো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2019 12:50 pm
Jamuna-Boro

ৰাছিয়াত চলি থকা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি যমুনা বড়োৰ জৰিয়তে ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব।

৫৪ কিলোগ্ৰাম বাণ্টাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া যমুনাই মংগোলিয়াৰ এৰদেনদালাই মিচিদমা (Erdenedalai Michidmaa)ৰ বিৰুদ্ধে ৰিঙত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে এই পৰ্যন্ত অলিম্পিক গেইমছত অন্তৰ্ভুক্ত হোৱা নাই ৫৪ কিলোগ্ৰামৰ ওজন শাখা।

চলিত বছৰৰ মে’ মাহত অনুষ্ঠিত ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপত যমুনাই সন্ধ্যাৰাণী দেৱীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল।

ইয়াৰ উপৰি জুলাই মাহত ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৱে ইটালীৰ জিউলিয়া লামাগনাক পৰাস্ত কৰি সোণৰ পদক জিনিবলৈ সক্ষম হৈছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ লাভ কৰি আত্মবিশ্বাসেৰে ভৰি থকা যমুনাই ট্ৰায়েলত শিক্ষাক হৰুৱাই বিশ্ব চেম্পিয়নশ্বিপলৈ নিজৰ টিকট নিশ্চিত কৰিছিল।

বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ধাৰাবাহিকতাৰে সফলতা অৰ্জন কৰা যমুনা বড়োৱে বিশ্ব চেম্পিয়নশ্বিপতো যাতে পদক জিনি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰে আশা কৰিছে জন্মস্থান ঢেকিয়াজুলিবাসীয়ে।