NORTHEAST NOW (Assamese)
অসম

আছুৱে এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2019 6:35 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

সদৌ অসম ছাত্ৰ সন্থাই অসমৰ এন আৰ চি সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে।

এন আৰ চিখনৰ ত্ৰুটীমুক্তকৰণ প্ৰক্ৰিয়াটো নিখুঁত কৰাত সংগঠনটোৱে সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এই আবেদন কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰু সেয়ে শুধৰণিখিনি সঠিকভাৱে হোৱাৰ ক্ষেত্ৰত আমি ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছো, আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে সংবাদ মাধ্যমক জনায়।

যোৱা ৩১ আগষ্টত প্ৰকাশিত এন আৰ চিখনক লৈ আছুকে ধৰি বহু দল-সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছিল।

তাৰোপৰি, এন আৰ চিৰ পৰা বাদ পৰা অসমৰ খিলঞ্জীয়া লোকসকলক অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবেও আছুৱে উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে।

গগৈয়ে প্ৰকাশ কৰা মতে, উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত এই সন্দৰ্ভত উল্লেখ কৰা হৈছে।

ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে যোৱা ১৩ ছেপ্তেম্বৰত গুৱাহাটীত এক বৈঠকৰ পিছতে এন আৰ চি সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি সদৰী কৰিছিল।

অসমৰ এন আৰ চি উন্নীতকৰণ সম্পৰ্কীয় গোচৰটোৰ লেখ আবেদনকাৰী (আবেদন নং ২৭৪/২০০৯) অভিজিত শৰ্মাই প্ৰক্ৰিয়াটোৰ এশ শতাংশ পুনৰীক্ষণ বিচাৰি যোৱা ১৯ জুনত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে।

প্ৰকাশিত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

লগতে পঢ়ক– উচ্চতম ন্যায়ালয়লৈ আছু, ৩০ জনগোষ্ঠীয় সংগঠন: “এন আৰ চিত সুখী নহয়”