NORTHEAST NOW (Assamese)
অসম

নলবাৰী নাট্য মন্দিৰত সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য্যৰ দুখনকৈ গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2019 7:32 am
PKB Book release

নলবাৰী নাট্য মন্দিৰত শনিবাৰে বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য্যৰ জীৱন-কৃতি বিষয়ক দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

গ্ৰন্ত উন্মোচক হিচাপে অনুষ্ঠানত উপস্থিত থাকে লেখক, সাহিত্যিক থানেশ্বৰ মালাকাৰ আৰু জিতেন শৰ্মা।

থানেশ্বৰ মালাকাৰে ‘বসন্ত বৈভৱ’ নামৰ গ্ৰন্থখন উন্মোচন কৰাৰ বিপৰীতে জিতেন শৰ্মাই উন্মোচন কৰে ‘ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য্যৰ নিৰ্বাচিত সাহিত্য সমালোচনা’ শীৰ্ষক গ্ৰন্থখন।

জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ দীপক কুমাৰ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক গোস্বামী, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডা০ বিপিন চন্দ্ৰ কলিতা আদিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা সাহিত্য অনুৰাগী লোক।

গ্ৰন্থ উন্মোচন কৰি সাহিত্যিক জিতেন শৰ্মাই ভট্টাচাৰ্য্যই শব্দৰে মালা গাঠিব জানে বুলি উল্লেখ কৰি তেওঁৰ সাহিত্য ৰাজিয়ে অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰি আহিছে বুলি কয়।