NORTHEAST NOW (Assamese)
অসম

বিশ্ব বিনিয়োগ সন্মিলন চলি থকাৰ সময়তে আৰ্টফেডৰ গামোচা বিক্ৰীৰ অভিলেখ

Posted by: এন ই নাও নিউজ February 3, 2018 12:36 pm
Artfed-Jagaran-Handicraft-store-in-Guwahati

আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এড্‌ভাণ্টেজ আছাম গ্ল’বেল ইন্‌ভেষ্টমেণ্ট শীৰ্ষ সন্মিলনৰ বাবে মহানগৰীক ন-ৰূপত সজাই তোলা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্ন দেশৰ প্ৰতিনিধি আহি গুৱাহাটীত উপস্থিত হৈছে। এই বিশ্ব বিনিয়োগকাৰী সন্মিলন চলি থকাৰ সময়তে অসমৰ শিপিনীৰ হাতেবোৱা ফুলাম গামোচাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

ফুলাম গামোচাৰ সমান্তৰালকৈ অসমৰ গৌৰৱৰ প্ৰতীকী এশিঙীয়া গঁড়, ফুলাম জাপি, বাঁহ-বেতৰ সামগ্ৰীৰো যথেষ্ট সমাদৰ বৃদ্ধি পাইছে।

আৰ্টফেডৰ পৰিচালন সঞ্চালক  মুকুল চন্দ্ৰ ডেকাই জনায় যে  ‘এড্‌ভাণ্টেজ আছাম  গ্ল’বেল ইন্‌ভেষ্টমেণ্ট ছামিটৰ বাবে  আমবাৰী, ৰিহাবাৰী, বৰঝাৰ,মালিগাঁও, নুনমাটি, দিছপুৰত থকা বিপণীত যথেষ্টসংখ্যক গামোচা আৰু ফুলাম জাপি বিক্ৰী হৈছে।

আমবাৰীৰ বিপণীত গামোচা আৰু ফুলাম জাপি প্ৰায় শেষ হৈছে। গামোচা, জাপি আৰু অন্যান্য বাঁহ-বেতৰ সামগ্ৰী বিক্ৰীৰ বাবে নতুনকৈ মজুত কৰিবলগীয়া হৈছে।

আৰ্টফেডৰ আমবাৰীৰ বিপণীত প্ৰতিদিনে প্ৰায় এক লাখ টকাৰ এনে সামগ্ৰী বিক্ৰী হৈছে। বিগত এপষেক ধৰি ৫ হাজাৰ গামোচা বিক্ৰী হৈছে।  এই গামোচাসমূহ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মিলনত অংশগ্ৰহণকাৰী দেশ-বিদেশৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলৰ বাবে ক্ৰয় কৰা হৈছে।

তদুপৰি ৫ লাখ টকাৰ ফুলাম জাপি, এৰী চাদৰ, প্ৰতীকী এশিঙীয়া কাঠৰ গঁড়, বাঁহ-বেতৰ অন্যান্য সামগ্ৰী বিক্ৰী হৈছে। এই সামগ্ৰীসমূহো চৰকাৰৰ তৰফৰ পৰা এই সন্মিলনৰ বাবে ক্ৰয় কৰা হৈছে।

আৰ্টফেডৰ গামোচা, জাপি আৰু অন্যান্য সামগ্ৰীৰ বিশেষ সমাদৰ থকা বাবে বহু দেশী-বিদেশী পৰ্যটকেও বৰঝাৰ আৰু আমবাৰীৰ বিপণীৰ পৰা সামগ্ৰী সমূহ ক্ৰয় কৰে।