NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ডত জড়িত NSCN (IM)ৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2019 7:52 pm
Arunachal-MLA-Murder-750x375

অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ বিধায়ক তিৰং আবহকে ধৰি ১১ গৰাকী লোকৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই এন এছ চি এন (আই এম)ৰ এগৰাকী শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে।

নিয়াৰ বিষয়াই জনোৱা মতে ৩৭ বছৰীয়া এলি কেটক নামৰ অভিযুক্ত উগ্ৰপন্থীজনক যোৱা ৬ অক্টোবৰত ডিমাপুৰত এক যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয়।

অৰুণাচলৰ তিৰাপ জিলাৰ খনচাৰ বাসিন্দা এলি কেটক এন এছ চি এন (এই এম)ৰ এগৰাকী স্বয়ম্ভূ মেজৰ চাৰ্জেণ্ট আৰি তিৰাপৰ এৰিয়া কমাণ্ডাৰ।

তেওঁ যোৱা ২১ মে’ত অৰুণাচলৰ বিধায়ক তিৰং আবহকে ধৰি ১১ গৰাকী লোকক গুলীয়াই হত্যা কৰা দলটোৰ সৈতে জড়িত, নিয়াৰ ফালৰ পৰা প্ৰকাশিত এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ।

উল্লেখযোগ্য যে যোৱা জুন মাহৰ পৰা নিয়াই এই ঘটনাটোৰ তদন্ত চলাই আছে।  ইতিমধ্যে হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ অভিযোগত ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

অৰুণাচলৰ পশ্চিম খুনচা বিধানসভা সমষ্টিত এন পি পিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তিৰং আবহক যোৱা ২১ মে’ত অৰুণাচল প্ৰদেশৰ তিৰাপত সন্দেহযুক্ত এন এছ চি এন (আই এম)য়ে নৃশংভাৱে গুলীয়াই হত্যা কৰিছিল।

এই ভয়ংকৰ আক্ৰমণটোত বিধায়ক আবহৰ উপৰি তেওঁৰ সৰু পুতেক, চালক, গৃহৰক্ষীকে ধৰি মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।