NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ আলফা (স্বাঃ) কেডাৰ আটক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 8, 2019 8:51 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰীত আজি এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ আলফা (স্বা)ৰ এজন দূৰ্ধৰ্ষ কেডাৰ আৰক্ষীৰ জালত পৰে।

প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীসহ ২১০ কোব্ৰা, ২৩ পঞ্জাৱ ৰেজিমেণ্ট আৰু ২১ পেৰা চিকিউৰিটি ফ’ৰ্চে যুটীয়া অভিযান চলাই পেঙেৰী থানাৰ অধীনৰ চিকৰাজানত কেডাৰ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰজনক ম্যানমাৰত প্ৰশিক্ষণ প্ৰাপ্ত ডিগবৈ থানাৰ অন্তৰ্গত মাজ মামৰণিৰ শব্দ অসম ওৰফে জংকী বৰা বুলি চিনাক্ত কৰা হৈছে।

সেনা-আৰক্ষীৰ সূত্ৰই জনোৱা মতে কেডাৰ গৰাকীৰ পৰা দুটা ইলেকট্ৰিক ডিটনেটৰ, ২টা আ ই ডি চাৰ্কিট, ৯.৬ ভল্টৰ তিনিটা বেটাৰী, এটা বেটাৰী ৰিমট কণ্ট্ৰল, ১২ কেজি টি এন টি, টৰ্চ, বেগ আদি জব্দ কৰা হয়।

বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে ধৃত কেডাৰজনক নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।