NORTHEAST NOW (Assamese)
অসম

যমুনাৰ পিছত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ লাভলিনা বৰগোহাঁইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2019 7:32 pm
Lovlina Borgpohain

যমুনা বড়োৰ পাছত আন এগৰাকী অসম কন্যা লাভলিনা বৰগোহাঁইয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

৬৯ কেজি শাখাত খেলা লাভলিনাই প্ৰি-কোৱাৰ্টাৰত মৰক্কোৰ বেল আহবিব ঔমাইমা (Bel Ahbib Oumayma) ক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

যোৱা বাৰৰ ব্ৰঞ্জ মেডেলিষ্ট লাভলিনাৰ শক্তিশালী আৰু আক্ৰমণাত্মক খেলৰ সন্মুখত বেল আহবিবে কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ’ল।

কোৱাৰ্টাৰ ফাইনেলত লাভলিনা মুখামুখি হ’ব ষষ্ঠ বাচনিৰ কেৰ’লিনা কছজেৱেস্কাৰ বিৰুদ্ধে। কোৱাৰ্টাৰ ফাইনেলত জয় মানেই পদক নিশ্চিত হ’ব লাভলিনাৰ।

ইফালে আজি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব যমুনা বড়ো। বক্সাৰ গৰাকীয়ে ৰাউণ্ড অব ১৬ত য়ুৰোপিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ মেডেলিষ্ট বেলাৰুছৰ য়ুলিয়া এপানাছ’ভিচৰ মুখামুখি হ’ব।

উল্লেখ্য যে ৰাছিয়াত চলি থকা এই প্ৰতিযোগিতাখনত দুয়োগৰাকী অসম কন্যাই জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি দেশ তথা অসমলৈ সুনাম কঢ়িয়াই আনিব বুলি ক্ৰীড়াপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে।