NORTHEAST NOW (Assamese)
অসম

অসমীয়া পোছাক পৰিধান কৰি ৰেম্পত খোজ বলীউদৰ মোহময়ী অভিনেত্ৰী চোহা আলী খান আৰু মাতৃ শৰ্মিলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 9:36 pm
Soha ali Khan

বলীউদৰ জেষ্ঠ অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু তেওঁৰ কন্যা চোহা আলী খানে বৃহস্পতিবাৰে অসমৰ প্ৰসিদ্ধ ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা চাদৰ পিন্ধি ৰেম্পত খোজ দিয়ে।

ফেশ্বন ডিজাইন কাউঞ্চিল অব ইণ্ডিয়া(এফ ডি চি আই)ৰ গুৱাহাটীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশলৈ দুয়োগৰাকী মাতৃ-কন্যাই অসমীয়া সাজ পৰিধান কৰিধান কৰি ৰেম্পত খোজ দিয়ে।

সংযুক্তা দত্তৰ ‘আকাশ’ নামৰ উৎসৱৰ বতৰৰ পোছাকৰ অন্তৰ্গত নীলা ৰঙৰ মেখেলা-চাদৰ পিন্ধি শৰ্মিলা ঠাকুৰে আৰু ৰোয়েল ব্লু ৰঙৰ লেহেংগা পিন্ধি চোহা আলী খানে ৰেম্পলৈ আহে।

ডিজাইনাৰ দত্তই ‘আকাশ’ক হস্ততাত আৰু প্ৰকৃতি সংৰক্ষণৰ এক উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰে।

‘‘হস্ততাঁতত নিৰ্মাণ কৰা পোছাক মোৰ খুবেই প্ৰিয় আৰু প্ৰায়ে ইয়াৰ ব্যৱহাৰ কৰো,’’ শৰ্মিলাই কয়।

আনহাতে, সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেম্পত খোজ দিয়াটো এটা সৌভাগ্যৰ কথা বুলিও বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে কয়।
‘‘পৰম্পৰাগত পোছাকক আধুনিক সময়ৰ সৈতে খাপ খোৱাকৈ ডিজাইন কৰাটো এটা কলা আৰু সংযুক্তা দত্তই সুন্দৰকৈ প্ৰতিবছৰে ইয়াক কৰি আহিছে,’’চোহা আলী খানৰ মন্তব্য।

সংযুক্তা দত্তয়ো দুয়োগৰাকী অভিনেত্ৰীৰ সৈতে ৰেম্পত খোজ দিবলৈ পাই সুখী বুলি মত ব্যক্ত কৰে।