NORTHEAST NOW (Assamese)
অসম

আন্ত:ৰাষ্ট্ৰীয় কন্যা দিৱসত লিংগ-সমতা আধাৰিত সমাজ গঢ়াত সন্মিলিত প্ৰচেষ্টাৰ পোষকতা মাজুলীৰ উপায়ুক্তৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 12, 2019 6:54 am
IMG-20191011-WA0031

মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মাজুলীতো শুকুৰবাৰে ‘আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱস-২০১৯’ উদযাপন কৰা হয়।

গড়মূৰৰ গোপালপুৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই দিৱসৰ জিলাস্তৰীয় অনুষ্ঠান উদ্বোধন কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

তেওঁ লিংগ বৈষম্যৰ উৰ্ধলৈ গৈ এখন শিক্ষিত তথা সকলোৰে বাবেই সমান সা-সুবিধা উপলব্ধ সমাজ গঢ়াত সমাজৰ সকলোৱেই সন্মিলিতভাৱে প্ৰয়াস চলোৱাৰ পোষকতা কৰে।

আধুনিক পৃথিৱীখনত শিক্ষা, বিজ্ঞান, সাহিত্য-কলা-সংস্কৃতি-ক্ৰীড়া, ৰাজনীতি, প্ৰশাসন, সামৰিক বাহিনী, মহাকাশ বিজ্ঞান আদি সকলো ক্ষেত্ৰতে মহিলাই নিজৰ অদম্য প্ৰতিভা, দক্ষতা আৰু যোগ্যতাৰ উৎকৃষ্ট চানেকি দাঙি ধৰাৰ বিষয়ে উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কৈৰীয়ে মাজুলীৰ ছাত্ৰী, কিশোৰী-যুৱতী তথা নাৰী সমাজক লিংগ-কেন্দ্ৰিক কোনোধৰণৰ হীনমন্যতাক প্ৰশ্ৰয় নিদি পূৰ্ণ আত্মবিশ্বাস আৰু দৃঢ় মনোবলেৰে নিজকে সকলো দিশতে আগবঢ়াই নিবলৈ আহ্বান জনায়।

উপায়ুক্ত গৰাকীয়ে কয়, ‘’লিংগ কেতিয়াও কাৰোৰে বাবে সীমাবদ্ধতা হ’ব নোৱাৰে। বিশ্বত মহিলাই আজি যুদ্ধ বিমান চলাইছে, মহাকাশচাৰী হৈছে, দেশ চলাইছে। আনকি সমাজ জীৱন আৰু কেৰিয়াৰ সকলো ক্ষেত্ৰতে মহিলাই নিজৰ যোগ্যতা-প্ৰতিভা-দায়বদ্ধতাৰে সেৱা আগবঢ়াই পুৰুষকো চেৰ পেলাই আগবাঢ়ি গৈছে। আমাৰ কন্যা শিশু, কিশোৰী আৰু ছাত্ৰীসকলেও এতিয়াৰে পৰাই নিজকে সকলো দিশতে আগবঢ়াই নিবলৈ, বিকশিত কৰি তুলিবলৈ দৃঢ় আত্ম-মনোবল গঢ়ি তুলিব পাৰিব বুলি মই আশা কৰিছো।‘’

শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল বৰাই সভাপতিত্বত কৰা এই অনুষ্ঠানত সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই ‘বাল্য বিবাহ আৰু কন্যা শিশুৰ সুৰক্ষা’ বিষয়ক এক পাৱাৰ-পইণ্ট প্ৰেজেণ্টেশ্যন আগবঢ়ায়।

জিলা সমাজ কল্যাণ বিষয়া নিৰদা দেউৰীয়েও অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মাজুলী জিলা শিশু কল্যাণ সমিতি (ডিচিডব্লিউচি)ৰ অধ্যক্ষ ড০ কমলা দত্ত, সদস্যাদ্বয় ৰেণুমালা দত্ত আৰু পাৰুল বৰুৱা মিলিয়ে সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায়।

জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, বিদ্যালয়খনৰ শিক্ষক সমাজ আৰু ছাত্ৰীসকলৰ লগতে ভালেকেইগৰাকী স্থানীয় জ্যেষ্ঠ নাগৰিক, মহিলায়ো আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱসৰ এই জিলাস্তৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে।