NORTHEAST NOW (Assamese)
অসম

বন্ধ হ’ব LIC! ছচিয়েল মিডিয়াৰ গুজৱক লৈ কি ক’লে কৰ্তৃপক্ষই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2019 2:57 pm
1200px-Life_Insurance_Corporation_of_India_(logo).svg

বন্ধ হ’ব নেকি ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ এল আই চি? কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এনে শংকাৰ খবৰ। এনে খবৰে বহুতৰে নিদ্ৰা হৰণ কৰি নিছিল।

কিন্তু এই সকলো প্ৰচাৰ ভুৱা আৰু কাল্পনিক বুলি কৈ গ্ৰাহকক শংকিত নহ’বলৈ আহ্বান জনাইছে এল আই চি কৰ্তৃপক্ষই।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে খবৰৰ কোনো সত্যতা নাই বুলি দাবী কৰিছে এল আই চিয়ে।

দেশৰ লক্ষ লক্ষ লোকে জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত এল আই চিৰ ওপৰত ভৰসা কৰি আহিছে। সেয়েহে,সময় যোৱাৰ লগে লগে গ্ৰাহকৰ সংখ্যাও দ্ৰুতভাৱে বৃদ্ধি পাইছে।

ইয়াৰ মাজতে হঠাতে বহুতৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হয়। কিয়নো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এক খবৰ।

এই খবৰত উল্লেখ কৰা হৈছিল যে LICৰ আৰ্থিক অৱস্থা অতি বেয়া আৰু ডুবিবলৈ ধৰিছে। বীমাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে জমা থোৱা ধন হেৰুওৱাৰ শংকাই বহু গ্ৰাহকৰ মনত দোলা দি যায়।

বুধবাৰে ভাৰতীয় জীৱন বীমা নিগমৰ ফালৰ পৰা বিবৃতি জাৰি কৰি এই সন্দৰ্ভত বিষয়টো স্পষ্ট কৰি দিয়া হৈছে। ইয়াত কোৱা হৈছে যে  ছচিয়েল মিডিয়াত ভাইৰেল হোৱাএই সকলোবোৰ খবৰ এক ভুৱা প্ৰচাৰ আৰু ইয়াৰ কোনো সত্যতা নাই।

জীৱন বীমা নিগমৰ ফালৰ পৰা লগতে জনোৱা হয় যে পলিচি হোল্ডাৰসকলৰ জমা ধন সম্পূৰ্ণ সুৰক্ষিত আছে। ইয়াত যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকৰ ধন কোনো কাৰণতে হেৰুৱাব লগা নহয়।

গ্ৰাহকে যি যি আঁচনিত ধন জমা কৰিছে সেয়া নিৰ্দিষ্ট সময়ত ঘুৰাই পাবই।

তদুপৰি, এল আই চিয়ে দাবী কৰা মতে, ২০১৮-১৯ বিত্তীয় বৰ্ষত গ্ৰাহকক সৰ্বাধিক ৫০,০০০ কোটি টকাৰ বোনাছ দিছে কোম্পানীটোৱে। পলিচি বজাৰত এল আই চিৰ শ্বেয়াৰ ৩১ আগষ্ট পৰ্যন্ত ৭২.৮৪ শতাংশৰ পৰা ৭৩.০৬ শতাংশলৈ বৃদ্ধি পাইছে।

এল আই চি কৰ্তৃপক্ষৰ পৰা প্ৰকাশ কৰা শেহতীয়া বিবৃতিয়ে ইয়াৰ গ্ৰাহকসকলৰ মনত পুনৰ আশাৰ সঞ্চাৰ কৰিছে।