NORTHEAST NOW (Assamese)
অসম

অনলাইন গেম খেলিব নিদিয়াত ঘৰৰ পৰা পলায়ন কৰা কিশোৰক বৰঝাৰ বিমান বন্দৰত উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2019 9:42 am

অনলাইন গেম খেলিবলৈ নিদিয়াৰ বাবে কালি অৰ্থাৎ ১২ অক্টোবৰত বিশ্বনাথৰ পৰা পলাই অহা ১৫ বছৰীয়া কিশোৰক আৰক্ষীয়ে বৰঝাৰ বিমান বন্দৰৰ পৰা উদ্ধাৰ কৰে।

জানিব পৰা মতে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰজন অললাইন গেম ‘Free Fire’ৰ প্ৰতি আসক্ত আছিল। আৰু অনলাইনতে দিল্লীৰ এখন টুৰ্ণামেণ্টত ছাত্ৰজনে অংশ গ্ৰহণ কৰিছিল।

কিন্তু ১৫ বছৰীয়া কিশোৰটোক পৰিয়ালৰ লোকে এই গেমত অংশ গ্ৰহণ কৰাত বাধা প্ৰদান কৰিছিল। ফলত কিশোৰটীয়ে ঘৰৰ পৰা পলাই মুম্বাইলৈ যাবলৈ বুলি বিমানৰ টিকট কটাৰ বাবে মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল।

সেই সময়তে সহকাৰী আৰক্ষী আয়ুক্ত (গুৱাহাটী পশ্চিম)ৰ নেতৃত্বত আজৰা আৰক্ষী আৰু বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে কিশোৰটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত আৰক্ষীয়ে কিশোৰটিক পৰিয়ালৰ লোকক চমজাই দিয়ে।